অসম লাইভ ২৪ঃ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নতুন উপাৰ্চাযৰূপে নিযুক্তি প্ৰদান কৰা হৈছে শান্তিশ্ৰী ধুলিপুড়ী পণ্ডিতক৷ সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে শান্তিশ্ৰী ধুলিপুড়ীক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যৰূপে নিযুক্তি দিছে৷
বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যৰূপে নিযুক্তি দিয়াৰ লগে লগে জৱহৰলাল নেহৰুৰ বিশ্ববিদ্যালয়ৰ ইতিহাসৰ প্ৰথমগৰাকীৰ মহিলা উপাচাৰ্যৰ হিচাপে শান্তিশ্ৰী ধুলিপুড়ী পণ্ডিতে অভিলেখ ৰচিছে৷
‘‘ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শান্তিশ্ৰী ধুলিপুড়ীৰ নিযুক্তিক অনুমোদন জনাইছে৷ অহা পাঁচ বছৰৰ বাবে তেওঁক উক্ত পদবীত নিযুক্তি প্ৰদান কৰা হৈছে৷’’ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে এইদৰে প্ৰকাশ কৰিছে৷
৫৯ বছৰীয়া পণ্ডিত বৰ্তমান মহাৰাষ্ট্ৰৰ সাৱিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ডঃ পণ্ডিতে ইণ্টাৰনেশ্যনেল ৰিলিশ্যনছত এমফিল আৰু পিএইছডি ডিগ্ৰী লাভ কৰিছিল৷
১৯৮৮ চনত গোৱা বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডঃ পণ্ডিতে ১৯৯৩ চনত পুনে বিশ্ববিদ্যালয়ত যোগদান কৰিছিল৷ বৰ্তমানলৈকে তেওঁৰ অধীনত ২৯ গৰাকী গৱেষকে গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰিছে৷
বিভিন্ন একাডেমিক প্ৰশাসনীয় পদবীতো কাৰ্যনিৰ্বাহ কৰা শান্তিশ্ৰী ধুলিপুড়ী পণ্ডিতে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ(UGC) সদস্য আছিল৷ ইণ্ডিয়ান কাউন্সিল অৱ চ’ছিয়েল ৰিচাৰ্ছ(ICSSR)এ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অংশকালীন অধ্যাপকৰূপেও ডঃ পণ্ডিতক মনোনীত কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ