জ্ঞান, বিদ্যাচৰ্চা, সংগীত আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী৷ তেওঁৰ আশীৰ্বাদত আমাৰ জ্ঞান, বুদ্ধি বাঢ়ে আৰু বাচন ক্ষমতা উন্নত হয়৷ দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিলে নিজৰ কামত উন্নতি কৰা সম্ভৱ আৰু কেৰিয়াৰতো সাফল্য লাভ কৰা সহজ হয়৷ ধাৰণা যে যাৰ জীৱনত মা সৰস্বতীৰ আশীৰ্বাদ থাকে তেওঁ জীৱনৰ উন্নতিৰ শিখৰত উপনীত হয়৷
সৰস্বতী পূজাৰ দিনক্ষণ
আজি ২৩ জানুৱাৰী শুক্ৰবাৰে পালিত হৈছে সৰস্বতী পূজা৷ পঞ্জিকা অনুসৰি পঞ্চমী পৰিছে ৮ মাঘ আৰু ইংৰাজীৰ কেলেণ্ডাৰ অনুসৰি ২২ জানুৱাৰী বৃহস্পতিবাৰৰ নিশা ২ বাজি ৩০ মিনিটত৷ পঞ্চমী আছে ২৩ জানুৱাৰী শুকুৰবাৰ অৰ্থাৎ ৯ মাঘৰ নিশা ১২ বাজি ২৭ মিনিটত৷ পূজা কৰাৰ বাবে সকলোতকৈ ভাল সময় ২৩ জানুৱাৰী পুৱা ৭ বাজি ১৫ মিনিটৰ পৰা বিয়লি ১২ বাজি ৫০ মিনিট পৰ্যন্ত আছিল৷ বাগদেৱীৰ আৰাধনা, অঞ্জলি দিয়া, বহী কলমৰ পূজা কৰাৰ বাবে শ্ৰেষ্ঠ সময়৷
জিভাত অৱস্থান দেৱী সৰস্বতীৰ
শাস্ত্ৰ অনুসৰি দিনত এবাৰ আমাৰ জিভাত মা সৰস্বতীয়ে অৱস্থান কৰে৷ এই সময়ত আমি যিয়েই কওঁ সঁচা হয়৷ জানি থওক কোন সময়ত আমাৰ জিভাত মা সৰস্বতীৰ বাস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















