ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় মঞ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় বিজেপিয়ে গ্ৰহণ কৰা প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ততে এতিয়া জড়িত হৈ থাকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। বিজেপিত অতি শক্তিশালী নীতি-নিৰ্ধাৰণ কমিটীৰ পৰা আদি কৰি শেহতীয়াকৈ চত্তীশগড়ৰ মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰ্ক্ৰিয়ালৈকে সকলো গুৰুত্বপূৰ্ণ দলীয় কামতে সোণোৱালে প্ৰভূত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে।
২১ত অসমত বিজেপি জয়ী হোৱাৰ পাছতে মুখ্যমন্ত্ৰীকেন্দ্ৰীক এক বিবাদ বিজেপিৰ ভিতৰচৰাতে আৰম্ভ হ’ব বুলি সকলোৱে ভাৱি আছিল। কিন্তু সকলোৰে জল্পনা-কল্পনাক যতি লগোৱাৰ পাছতেই যেন আৰম্ভ হৈছিল সোণোৱালৰ ৰাষ্ট্ৰীয় বিজেপিত প্ৰভূত্বৰ এই অপ্ৰতিৰোধ্য যাত্ৰা। বৰ্তমান নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ পৰা আদি কৰি সভাপতি জে পি নড্ডা লৈকে সকলোৰে ভৰষাৰ স্থলী হৈছে সৰ্বানন্দ সোণোৱাল। সেয়েহে ধাৰাবাহিকভাৱে ইটোৰ পাছত সিটো গুৰু দায়িত্ব অৰ্পন কৰা হৈছে সোণোৱালৰ কান্ধত।
সোণোৱালক এনে দায়িত্ব অৰ্পন কৰাৰ মাজতে চৰ্চিত হৈছে অন্য এটা বিষয়। উত্তৰ-পূব বিজেপিত সৰ্বানন্দ সোণোৱালক সৰ্বশক্তিমান নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৰাষ্ট্ৰীয় বিজেপিয়ে। যাৰ বাবে উত্তৰ পূবৰ এগৰাকী প্ৰভাৱশালী নেতাৰ প্ৰভূত্ব দিনক-দিনে হ্ৰাস পাইছে। সেই নেতাগৰাকী হৈছে কিৰন ৰিজিজু। দিন যিমানেই বাঢ়িছে এফালে সোণোৱালৰ ক্ষমতা বাঢ়িছে আৰু অন্যহাতে এটা এটাকৈ ক্ষমতা হাতৰ পৰা হেৰুৱাইছে কিৰন ৰিজিজুৱে।
আইন মন্ত্ৰীৰ দৰে গধুৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ পাছতে এতিয়া দিল্লীত একপ্ৰকাৰৰ গুৰুত্বহীন হৈ পৰিছে কিৰন ৰিজিজু। বিগত মাহ কেইটাত বিজেপিৰ শক্তিশালী নেতাগৰাকীক অসমৰ উপৰিও উত্তৰ-পূবৰ বহু সৰু-বৰ অনুষ্ঠানতহে ব্যস্ত থকা দেখা গৈছে। অৱশ্যে এটা বৰ্তমান ভূ-মন্ত্ৰালয়ৰ দৰে দপ্তৰ চম্ভালি আছে কিৰন ৰিজিজুৱে। সেয়া যি কি নহলেও, শেহতীয়াকৈ সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব যিমানে বাঢ়িছে, সিমানেই এই চৰ্চাও তুংগত উঠিছে। একাংশ নেটিজেনে এই বিষয়টোক লৈ সামাজিক মাধ্যমত দীঘলীয়া লিখনী লিখাও পৰলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ