লাম্পচাম বিনিয়োগৰ বাবে মোটা টকাৰ প্ৰয়োজন। ইয়াত লাভো ভাল পোৱা যায়। কিন্তু সকলোৰে হাতত এনেকৈ ধন থাকিব সেয়া নহয়। তেওঁলোকৰ বাবে ৰেকাৰিং ডিপোজিট বা আৰ ডি আদৰ্শ। ইয়াত প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰিব লাগে। তাৰ ওপৰত সুদ দিয়া হয়। ম্যাদৰ শেষত সুদ আৰু প্ৰকৃত ধন মিলি ভাল অংকৰ ধনেই লাভ কৰে গ্ৰাহকে।
সম্প্ৰতি হৰ ঘৰ লাখপতি স্কিম আৰম্ভ কৰিছে এছ বি আইয়ে। এয়াও এক ধৰণৰ ৰেকাৰিং ডিপোজিট। প্ৰতি মাহে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা ৰাখিব লাগে এই স্কিমত। ম্যাদৰ শেষত ১ লাখ বা তাৰ গুণিতক অংকৰ ধন ৰিটাৰ্ণ পাব বিনিয়োগকাৰীয়ে। অলপ সময় বিনিয়োগ কৰি যিসকলে ডাঙৰ কৰ্পাছ তৈয়াৰ কৰিব খোজে তেন্তে তেওঁৰ বাবে এই স্কিম আদৰ্শ। ধৰি লোৱা হওক ৩ বছৰ, ৫ বছৰ আৰু ৭ বছৰৰ ম্যাদত কোনোৱে ৫ লাখ টকা জমা কৰিব খোজে তেন্তে তেওঁ কিমান টকা বিনিয়োগ কৰিব লাগিব? সাধাৰণ গ্ৰাহক আৰু প্ৰবীণ নাগৰিকৰ বিনিয়োগৰ পৰিমাণ কিমান হোৱা উচিত? জানি থওক সম্পূৰ্ণ হিচাঁপ।
কোনে কোনে হৰ ঘৰ লাখপতি স্কিমত বিনিয়োগ কৰিব পাৰে? এছ বি আইৰ অফিচিয়েল ৱেবচাইট অনুসৰি এই স্কিম ভাৰতৰ যিকোনো বাসিন্দাৰ বাবেই প্ৰযোজ্য। চিংগল একাউণ্টৰ ওপৰিও জয়েণ্ট একাউণ্ট খুলিব পাৰে। ১০ বছৰ বা তাতোকৈ বেছি বয়সীয়া নাবালকে নিজেই একাউণ্ট খুলিব পাৰে। পিতৃ মাতৃ বা আইনী অভিভাৱকৰ সৈতে জয়েণ্ট একাউণ্ট খুলিব পাৰে আপুনি।
স্কিমৰ ম্যাদৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে। ৩ ৰ পৰা ৪বছৰৰ ম্যাদত সুদৰ হাৰ ৬.৭৫শতাংশ। ৫ৰ পৰা ১০ বছৰৰ ম্যাদচ ৬.৫০শতাংশ হাৰত সুদ দিয়া হয়। প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ কিছু বেছি। এই ক্ষেত্ৰত ৩ৰ পৰা ৪বছৰৰ ম্যাদত ৭.২৫শতাংশ আৰু ৫ৰ পৰা ১০ বছৰৰ ম্যাদত ৭.০০ শতাংশ হাৰত সুদ দিছে এছ বি আইয়ে।
এতিয়া কোনো ব্যক্তিয়ে যদি ৩বছৰত ৫লাখ ৰিটাৰ্ণ পাব খোজে তেন্তে প্ৰতিমাতে তেওঁ আনুমানিক ১২,৫০৬.১০ টকা বিনিয়োহ কৰিব লাগিব। আৰু প্ৰবীণ নাগৰিকসকলে বিনিয়োগ কৰিব লাগিব প্ৰতিমানে আনুমানিক ১২,৪০৮.৫৫টকা। ৫ বছৰত ৫লাখ সঞ্চয় কৰিব খুজিলে প্ৰতিমাহে আনুমানিক ৭,০৪৩, ১৬ টকা বিনিয়োগ কৰিব লাগিব। এইক্ষেত্ৰত প্ৰবীণ নাগৰিকে বিনিয়োগ কৰিব লাগিব প্ৰতিমাহে আনুমানিক ৬,৯৫০.৯৩টকা। আৰু যদি কোনোৱে ৭ বছৰত ৫লাখ টকা জমা কৰিব খোজে তেন্তে তেওঁ প্ৰতিমাহে আনুমানিক ৪,৬৯৭.১৭ টকা বিনিয়োগ কৰিব লাগিব। আৰু প্ৰবীণ নাগৰিকে বিনিয়োগ কৰিব লাগিব প্ৰতিমাহে আনুমানিক ৪,৬০৯.৯১টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ