অসম লাইভ ২৪ঃ কোভাক্সিনৰ মানৱ পৰীক্ষণৰ বাবে শিশুৰ ক্ষেত্ৰত স্ক্ৰীনিং আৰম্ভ। দিল্লীৰ এইমছত আজিৰে পৰা আৰম্ভ হ’ব এই অনুশীলন। শিশুৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ভাৰত বায়’টেকৰ কোভিড ভেকচিন ‘কোভাক্সিন’ৰ পৰীক্ষণ আৰম্ভ কৰিব এইমছে। ভেকচিনবিধে শিশুৰ ওপৰত পৰীক্ষণৰ অনুমতি লাভ কৰাৰ পাছত এইমছ পাটনাত কিছুদিন পূৰ্বে শিশুৰ ক্ষেত্ৰত পৰীক্ষণ আৰম্ভ কৰিছে। ড্ৰাগচ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়াই ১১ মে’ত কোভাক্সিনৰ শিশুৰ ওপৰত পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছিল। ২ৰ পৰা ১৮ বছৰৰ শিশু তথা কিশোৰৰ ক্ষেত্ৰত সম্পন্ন হ’ব এই পৰীক্ষণ। বিশেষজ্ঞৰ দাবী, ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে শক্তিশালীৰূপত যুঁজিবলৈ দেশৰ অধিকসংখ্যক লোকক টীকাকৰণ কৰাটো অতি জৰুৰী। অন্যথা ভাইৰাছবিধৰ তৃতীয় ঢৌত দেশৰ পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকা আছে আৰু কোভিডৰ তৃতীয় ঢৌত সৰ্বাধিক শিশু আক্ৰান্ত হ’ব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। উল্লেখ্য, কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতৰ হাতত সম্প্ৰতি ৩টা কোভিড ভেকচিন উপলব্ধ। ভাৰত বায়’টেকৰ কোভাক্সিন, ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কোভিশ্বীল্ড আৰু ৰাছিয়াৰ কোভিড ভেকচিন স্পুটনিক-৫।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















