অসম লাইভ২৪ঃ সাৱধান! ৰাস্তাত ঘূৰি ফুৰিছে ছিৰিয়েল কিলাৰ। পদপথত প্ৰায় প্ৰতিদিনেই পোৱা গৈছে এটাৰ পাছত আনটো মৃতদেহ। প্ৰায়সমূহ হত্যাকাণ্ডৰে ধৰণো একেটাই। ইয়াৰোপৰি কেৱল মহিলাসকলকেই টাৰ্গেট কৰি লৈছে ছিৰিয়েল কিলাৰে। হত্যাৰ পাছত উলংগ কৰি পেলাই থৈ গৈছে মৃতদেহ সমূহ। এই ঘটনাক কেন্দ্ৰ কৰি আতংকই বিৰাজ কৰিছে সমগ্ৰ উত্তৰ প্ৰদেশতেই। অযোধ্যাৰ পৰা বাৰানসীলৈ বিগত এমাহত মুঠ তিনিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে পদপথত। হত্যাৰ ধৰণ আৰু উলংগ কৰি পেলাই থৈ যোৱা মৃতদেহ কেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে এটা হত্যাকাৰীয়েই আটাইকেইটা হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
আৰক্ষীয়ে সন্দেহজনক হত্যাকাৰীৰ স্কেচো তৈয়াৰ কৰিছে। ইপিনে কোনোৱে যদি এই হত্যাকাৰী সম্পৰ্কে কোনো সম্ভেদ পায় তেন্তে অচিৰেই আৰক্ষী বিভাগৰ সৈতে যোগাযোগৰো আহ্বান জনাইছে আৰক্ষী কৰ্তৃপক্ষই। উত্তৰ প্ৰদেশত এনেদৰে হোৱা প্ৰথমটো হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহিছিল ৬ ডিচেম্বৰত। অযোধ্যাৰ খুচটি গাওঁত এগৰাকী বয়স্ক মহিলাক হত্যা কৰি উলংগ অৱস্থাত পদপথত পেলাই থৈ গৈছিল দুৰ্বৃত্তই। তাৰপাছতেই দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত হৈছিল ১৭ ডিচেম্বৰত। উত্তৰ প্ৰদেশৰ বাৰানসীত উদ্ধাৰ হৈছিল দ্বিতীয়টো মৃতদেহ। তৃতীয়টো মৃতদেহ উদ্ধাৰ হৈছিল ২৯ ডিচেম্বৰত। মৃত তিনিগৰাকীয়েই ৫০ ৰ পৰা ৬০ বছৰীয়া মহিলা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















