অসম লাওইভ ২৪ঃ ৰাজ্যত পুনৰ ছাত্ৰীৰ ওপৰত শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
এইবাৰ এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী শিলগাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷
অভিযোগ অনুসৰি যোৱা শনিবাৰে বিদ্যালয়খনৰ অধ্যক্ষ মাজেন্দ্ৰ গয়াৰীৰে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত প্ৰদান কৰাৰ লগতে শাৰীৰিকভাৱে যৌন নিৰ্যাতনো চলায়৷
ইয়াৰ পিছতে বিদ্যালয়খনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ শিক্ষাৰ্থীসকলৰ লগতে স্থানীয় লোকে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে স্থানীয় আৰক্ষীকো খবৰ দিয়ে৷
স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিতি হৈ শিক্ষকগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায়৷
স্থানীয় লোকৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি অভিযুক্ত শিক্ষকজনে ইয়াৰ পূৰ্বেও ছাত্ৰীৰ ওপৰত তদ্ৰূপ নিৰ্যাতন চলাই আহিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ