এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা
২ নৱেম্বৰত জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা মিট-এণ্ড-গ্ৰীটৰ সময়ত অনুৰাগীসকলৰ আগত এক বিশেষ কথা প্ৰকাশ কৰে বলীউডৰ ছুপাৰষ্টাৰ তথা কিং শ্বাহৰুখ খানে। দীৰ্ঘদিন ধৰি চিগাৰেট খোৱাৰ অভ্যাসৰ বিষয়ে মুকলিকৈ কৈ অহা কিং খানে অনুৰাগীক কয় যে তেওঁ এতিয়া ধূমপান ত্যাগ কৰিছে।
খানে এই খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি কয় যে, “এয়া ভাল কথা – মই আৰু ধূমপান নকৰো বন্ধুসকল।” এই পৰিৱৰ্তনৰ কথা কওঁতে খানে স্বীকাৰ কৰে যে তেওঁ আশা কৰিছিল যে ধূমপান এৰি যোৱাৰ পিছত তেওঁৰ উশাহ-নিশাহ বন্ধ হৈ যাব, কিন্তু তেওঁ কয় যে তেওঁ এতিয়াও ইয়াৰ প্ৰভাৱ অনুভৱ কৰে।
শ্বহৰুখে লগতে ইয়াকো কয় যে, “মই ভাবিছিলো যে মোৰ এই উশাহ বন্ধ হোৱাৰ সমস্যা নহ’ব কিন্তু এতিয়াও মোৰ এনে লাগে।” তেওঁ এতিয়াও এই পৰিৱৰ্তনৰ লগত খাপ খাই আছে। তেওঁ কয়, “ইনশ্বাল্লাহ সেইটোও ঠিকেই হ’ব।
২০১১ চনত ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনশৈলীৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰি কৈছিল যে, “মই দিনটোত প্ৰায় ১০০টা চিগাৰেট খাওঁ। মই খানা খাবলৈ পাহৰি যাওঁ। মই পানী নাখাওঁ। মই প্ৰায় ৩০ কাপ ক’লা কফি খাওঁ।” “মই কফি খাওঁ আৰু মোৰ চিক্স পেক হয় যায়।
বৰ্তমানে, শ্বাহৰুখ খান তেওঁৰ পৰৱৰ্তী একচন থ্ৰিলাৰ ‘কিং’ৰ বাবে সাজু হৈছে। ইয়াৰ পৰিচালনা কৰিব সুজয় ঘোষে। আনহাতে পূৰ্বৰ বাতৰিসমূহে ইংগিত দিছিল যে তেওঁ ডনৰ চৰিত্ৰত অভিনয় কৰিব। নতুন আপডেটত দেখা গৈছে যে তেওঁক হত্যাকাৰীৰ চৰিত্ৰত দেখা যায়। ছবিখনত চুহানা খানেও অভিনয় কৰিছে, অভিষেক বচ্চনক খলনায়ক হিচাপে দেখা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ