বৈদিক জ্যোতিষ অনুসৰি কৰ্মফলৰ কাৰক গ্ৰহ শনিয়ে এটা এটা ৰাশিত প্ৰায় আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ শনি যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ আগৰ-পাছৰ ৰাশিত চলে শনিৰ চাৰে সাতি দশা৷ বৰ্তমান শনিয়ে অৱস্থান কৰি আছে মীন ৰাশিত৷ সেয়ে মেষত চলি আছে চাৰে সাতি দশা৷
চাৰে সাতিৰ প্ৰথম পৰ্যায়
২৯ মাৰ্চত মেষ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিছে শনিয়ে৷ ফলত চাৰে সাতি দশাৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে এই ৰাশিত৷ এই সময়ত মেষ ৰাশিৰ জাতকে বিশেষকৈ যিসকলৰ জন্মছকত মেষ অশুভ স্থানত আছে তেওঁলোকে সকলো কামতেই বাধাৰ সন্মুখীন হব৷ ব্যৱসায়ত ক্ষতি হব আৰু চাকৰিতো নানান সমস্যাই দেখা দিব৷ শনিৰ প্ৰভাৱত এই সময়ত মেষৰ জাতকৰ স্বাস্থ্য ভালে নাথাকিব পাৰে৷ শত্ৰুসংখ্যা বাঢ়িব৷ কৰ্মক্ষেত্ৰত চক্ৰান্তৰ চিকাৰ হব পাৰে আৰু যিকোনো কামতেই ভাগ্যৰ সহায়তা আপুনি পাব পাৰে৷
শনিৰ বক্ৰীদশা
খুব এটা ভয় খোৱাৰ কাৰণ নাই মেষ ৰাশিৰ জাতকৰ৷ কাৰণ ১৩ জুলাই ২০২৫ৰ ২৮ নৱেম্বৰ ২০২৫ পৰ্যন্ত বক্ৰীদশাত থাকিব শনি৷ ইয়াৰ ফলত শনিৰ ক্ষমতা কমিব আৰু ৰৈ থকা কাম সহজে সম্পন্ন কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ যিকোনো সিদ্ধান্ত ভালকৈ ভাৱিচিন্তি ললে ক্ষতিৰ পৰিমাণ বহুপৰিমানে কমিব পাৰে৷
চাৰে সাতিৰ পৰা মুক্তিৰ উপায়
শনিৰ চাৰে সাতি দশাৰ অশুভ প্ৰকোপ কমাবলৈ কি কৰিব মেষ ৰাশিৰ জাতকে?
১. ঘোঁৰাৰ নালৰ লোহাৰে তৈয়াৰ কৰা আঙঠি শনিবাৰে সোঁহাতৰ মধ্যমাত পৰিধান কৰক৷
২. শনিবাৰে অশ্বত্থ গছৰ গুৰিত পানী দিয়ক আৰু বিয়লি অশ্বত্থ গছৰ গুৰিত তিলৰ প্ৰদীপ জ্বলাওক৷
৩. ঘৰত শনি চাৰে সাতি মুক্তি যন্ত্ৰ স্থাপন কৰক৷
৪. প্ৰতিদিনে ওম ছাম শনিশ্চৰ নমহঃ মন্ত্ৰ জপ কৰক৷
৫. তিনিমুখি ৰুদ্ৰাক্ষ ধাৰণ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ