হিন্দুধৰ্মত প্ৰধান তিনি দেৱতাৰ মাজত অন্যতম হৈছে দেৱাদিদেৱ মহাদেৱ৷ শাওন মাহত মহাদেৱৰ বিশেষ আৰাধনা কৰা হয়৷ সৰ্বশক্তিমান মহাদেৱক সহজেই তুষ্ট কৰা হৈ থাকে৷ সেয়ে শিৱৰ আৰু এক নাম আশুতোষ৷ মহাদেৱৰ যেনেকৈ মূৰ্তি পুজা কৰা হয় তেনেকৈ তেওঁৰ শিৱলিংগৰো আৰাধনা কৰা হয়৷ জানি থওক শিৱলিংগত কেতিয়া পানী ঢালিব আৰু কেতিয়া ঢালিলে বিপৰীত ফল লাভ কৰিব?
শিৱলিংগত কেতিয়া পানী নাঢালিব?
অমাবস্যা তিথি
প্ৰতি মাহৰ অমাবস্যা তিথিত শিৱলিংগত ভুলতো পানী ঢালিব নালাগে৷ অমাবস্যা তিথিত শিৱলিংগত পানী ঢালিলে আপোনাৰ প্ৰাৰ্থনা মহাদেৱে গ্ৰহণ নকৰে৷ শিৱৰ মূৰত থাকে চন্দ্ৰ৷ সেয়ে চন্দ্ৰ আকাশত নাথাকিলে সেইদিনা শিৱলিংগত পানী ঢলা উচিত নহয় বুলি শাস্ত্ৰত বৰ্ণিত আছে৷
সন্ধিয়াবেলা
সন্ধিয়াবেলা শিৱলিংগত পানী ঢলা উচিত নহয়, এই কথা বহু শাস্ত্ৰত উল্লেখ আছে৷ বহুতেই কয় যে, সূৰ্য দেৱতাৰ উপস্থিতিত শিৱলিংগত পানী ঢলা উচিত৷ সূৰ্য অস্ত গ’লে শিৱলিংগত পানী ঢলা অশুভ বুলি বহুতেই ধাৰণা কৰে৷
শিৱৰাত্ৰিৰ পিছদিনা
প্ৰতি মাহত এটাকৈ শিৱৰাত্ৰি তিথি থাকে৷ এবছৰত মুঠ ১১টা মাহেকীয়া শিৱৰাত্ৰি আৰু এটা মহাশিৱৰাত্ৰী পালিত হয়৷ শিৱৰাত্ৰীৰ পাছৰ দিনা শিৱলিংগত পানী নিবেদন কৰাটো অনুচিত৷ এই সময়ত মহাদেৱে বিশ্ৰাম কৰে৷ সেয়ে শিৱৰাত্ৰিৰ পুৰা ২৪ ঘণ্টা পাছত শিৱলিংগত পানী ঢালিব৷
শ্ৰাদ্ধ তৰ্পণ
শ্ৰাদ্ধ তৰ্পণ কামৰ সময়ত প্ৰয়াত পূৰ্বপুৰুষৰ উদ্দেশ্যে যেতিয়া পানী নিবেদন কৰিব সেই সময়ত শিৱলিংগত পানী নিদিব৷ পূৰ্বপুৰুষক পানী দিয়াৰ সময়ত দেৱতাক পানী নিদিব৷
শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ?
শিৱলিংগত পানী পান কৰাটো উচিত নে অনুচিত সেই বিষয়টোক লৈ শিৱভক্তৰ মাজত সংশয়ে দেখা দিয়ে৷ শাস্ত্ৰমতে শিৱলিংগত নিবেদন কৰা পানী ঔষধৰ সমান৷ এই পানী পান কৰিলে অসুখ আৰু দুঃখৰ অৱসান হয়৷ শিৱ পুৰাণৰ ২২তম অধ্যায়ৰ ১৮তম শ্লোকত উল্লেখ আছে যে শিৱলিংগত নিবেদন কৰা পানী চৰণামৃতৰ সমান উপকাৰী৷ এই পানী প্ৰসাদ হিচাপেও বিতৰণ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ