আগন্তুক ১৮ ছেপ্টেম্বৰত এবছৰ পাছত তুলা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ শুক্ৰ হৈছে তুলা ৰাশিৰ অধিপতি গ্ৰহ৷ এবছৰ পাছত স্বৰাশি তুলাত গোচৰ কৰাৰ ফলত শক্তি বাঢ়িব শুক্ৰৰ৷ তুলা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হ’ব মালব্য ৰাজযোগ৷ এই যোগৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব ৫ৰাশিৰ জাতকৰ ওপৰত৷ ১৮ ছেপ্টেম্বৰৰ পৰা এই পাঁচ ৰাশিৰ জাতকৰ পেছাগত জীৱনত প্ৰচুৰ সাফল্য লাভ কৰিব৷ যি কামত হাত দিব তাতেই সফলতা পাব৷ প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব এওঁলোকে৷ জানি থওক শুক্ৰৰ তুলাত গোচৰৰ ফলত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
শুক্ৰৰ গোচৰৰ ফলত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সু সম্পৰ্ক গঢ়ি উঠিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে এই সময়ত চকুতলগা সফলতা পাব৷ কোনো বৃহৎ ব্যৱসায়িক চুক্তি সাক্ষৰ কৰিব পাৰে৷ ইয়াৰ ফলত ভৱিষ্যতে আপুনি প্ৰচুৰ লাভ কৰিব পাৰিব৷ শুক্ৰৰ প্ৰভাৱত দাম্পত্য জীৱনত সুখ থাকিব মেষ ৰাশিৰ জাতকৰ৷
বৃষ ৰাশি
শুক্ৰৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব৷ যি পাবৰ বাবে আপুনি ইমান দিনে চেষ্টা কৰি আছিল সেয়া লাভ কৰিব৷ চাকৰিয়ালৰ দৰমহা বৃদ্ধি পাব পাৰে৷ প্ৰিয় মানুহৰ পৰা কোনো দামী উপহাৰ পাব পাৰে৷ নিজৰ বেংক বেলেন্স বহু পৰিমানে বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ৷
কৰ্কট ৰাশি
তুলা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত যি মালব্য ৰাজযোগ গঠিত হ’ব তাৰ পৰা ভাল লাভ অৰ্জন কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ ঘৰ খুব সুন্দৰকৈ সজাব পাৰে৷ আপোনাৰ গৃহসজ্জা দেখিলে বহুতেই আপোনাৰ প্ৰশংসা কৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ আপুনি যি আশা কৰিছিল ব্যৱসায়ত তাৰ পৰা বেছি লাভ কৰিব পাৰিব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷
তুলা ৰাশি
আগন্তুক ১৮ ছেপ্টেম্বৰত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ ইয়াৰ ফলত এই সময়ত সোণৰ দৰে জিলিকি উঠিব আপোনাৰ ভাগ্য৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ নানান দিশৰ পৰা উপাৰ্জন কৰিব পাৰিব৷ এই সময়ত পূৰ্বতকৈ বেছি টকা সঞ্চয় কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ ব্যক্তিগত আৰু পেছাগত জীৱনত বহু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷ ধন বিনিয়োগ কৰিলে ভৱিষ্যতে তাৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷
মকৰ ৰাশি
শুক্ৰৰ স্থান পৰিবৰ্তন আশীৰ্বাদৰ দৰে মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ সামাজিক সন্মান বৃদ্ধি পাব৷ অন্য চাকৰিৰ বাবে চেষ্টা কৰিলে বৃহৎ কোনো কোম্পানীৰ মালিকৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ সম্পত্তিগত সমস্যা দূৰ হ’ব৷ আদালতত গোচৰ চলি থাকিলে ৰায় আপোনাৰ পক্ষত আহিব৷ মকৰ ৰাশিৰ জাতকে এই সময়ত যি কামতেই হাত দিব তাতেই সফলতা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















