ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত
২২ আগষ্ট বৃহস্পতিবাৰে কাশ্মীৰৰ পৰা এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছে। ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ। লেহৰ ডাৰবুক অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।
এখন স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰিল। প্ৰাৰম্ভিক তথ্য লাভ কৰা মতে, এই দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লেহৰ উপ আয়ুক্তই জনোৱা মতে, আহতসকলক সেনা আৰু চি এইচ চি টাংচে স্বাস্থ্যসেৱা কেন্দ্ৰত ভৰ্তি কৰা হৈছে।
উল্লেখ্য যে, বাছখন যদিও স্কুলৰ আছিল, কিন্তু তাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী নাছিল। প্ৰায় ২৮ জন মান যাত্ৰীয়ে বিয়া এখনত অংশ লবলৈ বুলি ওলাইছিল। এই যাত্ৰী সকলৰ ভিতৰতে আছিল দুই শিশু আৰু অন্য স্কুলৰ কৰ্মচাৰী সকল। বিদ্যালয় খনৰে এজন কৰ্মচাৰীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ ডাৰবাকলৈ গৈ থকা অৱস্থাত বাছখন ডাৰবাক মোডৰ ওচৰৰ এটা দ’ খাৱৈত বাগৰি পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ