বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক
বলীউডত বিহাৰী বাবু নামে জনপ্ৰিয় প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাৰ কন্যা সোনাক্ষী সিনহাক বিহাৰত নিষিদ্ধ ঘোষণা। অভিনেত্ৰীগৰাকীয়ে বিহাৰত প্ৰৱেশ কৰিলেই কথা বেয়া হৈ যাব বুলি ধমকি ভৰা বাৰ্তা লগতে পোষ্টাৰো ভাইৰেল।
অন্য ধৰ্মৰ তথা মুছলমান অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই সোনাক্ষীক বিহাৰত প্ৰৱেশৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা। পাটনাত এই বিবাহৰ বিৰোধিতা কৰি এখন পোষ্টাৰ লগোৱা হৈছে। এই পোষ্টাৰখন ওলোমাইছে হিন্দু শিৱ ভৱানী সেনাই।
হিন্দু শিৱ ভৱানী সেনাই এখন পোষ্টাৰ লগাই তাত লিখিছে যে সোণাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহে লাভ জেহাদৰ প্ৰচাৰ কৰিবলৈ গৈ আছে। ইয়াত আৰু লিখা আছে, “সমগ্ৰ দেশক ইছলামীকৰণ কৰাৰ প্ৰয়াস, শত্ৰুঘ্ন সিন্হাজীয়ে বিবাহৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক, নহ’লে তেওঁৰ পুত্ৰ লভ আৰু কুশে তৎক্ষণাত নিজৰ ঘৰৰ ৰামায়ণ নাম সলনি কৰিব লাগে। এয়া হিন্দু ধৰ্মক অপমান কৰা হৈছে।”
হিন্দু শিৱ ভৱনীৰ হৈ পোষ্টাৰ লগোৱা ব্যক্তিজনে লভ কুমাৰ সিং ওৰফে ৰুদ্ৰ বুলি নিজৰ নাম আৰু ফটো প্ৰকাশ কৰিছে। লগতে পোষ্টাৰখনত লিখিছে- “হিন্দু শিৱ ভৱানী সেনাই সোনাক্ষী সিনহাক বিহাৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে।”
উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আৰু অভিনেতা জহীৰ ইকবালৰ কালি ২৩ জুন তাৰিখে বিবাহ সম্পন্ন হয়। বিয়াৰ পিছত শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্টত ষ্টাৰ ষ্টেড ৰিচেপচনত পাৰ্টি আয়োজন কৰে দম্পতীহালে। বিয়াত ছলমান খান, ৰেখা, টাবু, কাজল, হানী সিং আদিৰ পৰা আৰম্ভ কৰি বহু তাৰকা সোণাক্ষী আৰু জহীৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ