ছনু চুডৰ পত্নীৰ ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি
বলীউডৰ অভিনেতা ছনু চুডৰ পত্নী আৰু ভগ্নী ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত। সোমবাৰে গভীৰ নিশা এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিনেতাগৰাকীৰ ঘনিষ্ঠ আত্মীয়ৰ পৰা পোৱা তথ্য অনুসৰি মুম্বাই নাগপুৰ ঘাইপথৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
ঘটনাৰ তথ্য পোৱাৰ লগে লগে ছনু চুড নাগপুৰলৈ ৰাওনা হয়। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বাহনখনত ছনু চুডৰ পত্নী সোণালী, ভগ্নী আৰু ভগ্নীৰ পুত্ৰ অৰ্থাৎ ভতিজা। বাহনখনৰ ৰাজপথত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
ভাইৰেল হোৱা ফটো বোৰৰ পৰা দেখা অনুসৰি দুৰ্ঘটনাটোত বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। দুৰ্ঘটনাটোৰ ছনু চুডৰ পত্নী আৰু ভতিজাৰ অৱস্থা গুৰুতৰ। দুয়ো বৰ্তমানে হাস্পতালত চিকিৎসাধীন হৈ আছে। দুয়োকে ৪৮ৰ পৰা ৭২ ঘণ্টা ধৰি পৰ্যবেক্ষণত ৰখা হ’ব বুলি হাস্পতালৰ পৰা সদৰি।
আনহাতে অভিনেতাগৰাকীৰ ভগ্নীয়ে দুৰ্ঘটনাটোত সামান্য আঘাত পায়। বৰ্তমানে সুস্থ ভগ্নী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ