দক্ষিণৰ মোহময়ী অভিনেত্ৰী দীপাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ শনিবাৰে নিজ বাসগৃহৰ চিলিং ফেনত ওলমি থকা অৱস্থাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
প’লিন জেচিকা নামেৰেও পৰিচিত দীপাৰ বয়স মাত্ৰ ২৯ বছৰহে হৈছিল৷ আৰক্ষীৰ মতে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাহে কৰিছে৷ আৰক্ষীৰ মতে চেন্নাইৰ বিৰুগম্বকমস্থিত নিজা বাসভৱনত ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
জানিব পৰা মতে যোৱা কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে অকলশৰে থাকিবলৈ লৈছিল৷ কে’বাদিনো ঘৰৰ লোকে অভিনেত্ৰী দীপাক ফোন যোগে সংযোগ কৰিব নোৱাৰি এগৰাকী বন্ধুক খবৰ ল’বলৈ পঠিওৱাৰ পাছতহে দীপাৰ মৃত্যুৰ ঘটনাটো পোহৰলৈ আহিছে৷ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
ইপিনে আৰক্ষীয়ে দীপাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে সেই স্থানৰ পৰা এখন ছুইচাইড নোটও উদ্ধাৰ কৰিছে৷ অৱশ্যে ছুইচাইড নোটত দীপাই কাৰো উল্লেখ কৰা নাই যদিও তেওঁ প্ৰেমজনিত সমস্যাত ভুগি অহা বুলি ধাৰণা কৰা হৈছে৷
অভিনেত্ৰীগৰাকীৰ বন্ধু-বান্ধৱীয়ে প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে কাৰোবাৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল আৰু কোনো দিনে কাৰো আগত দীপাই প্ৰেমিকৰ নাম খোলোচা কৰা নাছিল৷ বন্ধু-বান্ধৱীসকলে প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে কিছুদিনৰ পৰা প্ৰেমজনিত সমস্যাত পৰি মানসিকভাৱে ভাঙিও পৰিছিল৷
দীপা দক্ষিণৰ এগৰাকী উদীয়মান অভিনেত্ৰী আছিল আৰু তেওঁ কে’বাখনো চিনেমাত অভিনয় কৰিছিল। দীপাই অভিনয় কৰা বৈধা নামৰ ছবিখন চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ