ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে
ইউৰোপৰ টি-২০ বিশ্বকাপ ছাব ৰিজিঅ’নেল কোৱালিফায়াৰ-চিত স্পেইন ক্ৰিকেট দলে গ্ৰীচক ৭ উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাখনৰ ১৬ সংখ্যক মেচত প্ৰথমে বলিং কৰা স্পেইনে গ্ৰীচক ২০ অভাৰত ৯ উইকেটত ৯৬ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল। ইয়াৰ পিছত স্পেইনে ৩টা উইকেট হেৰুৱাই মাত্ৰ ১৩ অভাৰতে এই লক্ষ্যত উপনীত হয়। খেল খন বিশেষ নহলেও বৰ্তমানে বিশ্বৰ ভিতৰতে বিশেষ হৈ পৰিছে অন্য ধৰণে। স্পেইনে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এই খেল খনত বিজয়ৰ পাছত।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত স্পেইনৰ এয়া আছিল একেৰাহে ১৪ সংখ্যক জয়। এই খেল খনত জয়ৰ লগে লগে দলটোৱে টি-২০ পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচত একেৰাহে সৰ্বাধিক জয়ী হোৱা দল হিচাপে পৰিগণিত হৈছে। স্পেইনে মালয়েছিয়াৰ অভিলেখ ভংগ কৰিছে। মালয়েছিয়াই ১৩খন মেচত জয়লাভ কৰিছিল।
আনহাতে টি-২০ত সৰ্বাধিক মেচত জয়ী হোৱাৰ অভিলেখ থাইলেণ্ডৰ মহিলা দলৰ নামত। একেৰাহে ১৭খন মেচত জয়লাভ কৰিছে থাইলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে।
যদি এই ক্ষেত্ৰত কেৱল বিশ্বৰ শীৰ্ষ ১২ টা দলৰ কথা কোৱা হয়, তেন্তে ভাৰত আৰু আফগানিস্তানৰ হাতত আছে একেৰাহে সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত জয়ী হোৱাৰ অভিলেখ। দুয়োটা দলে টি-২০ত একেৰাহে ১২খনকৈ মেচত জয়লাভ কৰিছে।
T20I ত একেৰাহে সৰ্বাধিক মেচত জয়ী হোৱা দল-
স্পেইন- ১৪
মালয়েছিয়া- ১৩
বাৰ্মুডা- ১৩
আফগানিস্তান- ১২
ৰোমানিয়া- ১২
ভাৰত- ১২
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ