নাম তেওঁৰ আডাম হুপাৰ৷ বয়স ৩৭ বছৰ৷ অষ্ট্ৰেলিয়া নিৱাসী৷ প্ৰতিগৰাকীৰ নাৰীকে সন্তানৰ মাতৃ হোৱাৰ সপোন পূৰণ কৰিবলৈ যেন তেওঁ বদ্ধপৰিকৰ৷ লগতে প্ৰতিগৰাকী নাৰীৰ সন্তানৰ পিতৃ হোৱাৰো যেন দুৰ্বাৰ ইচ্ছা আডামৰ!
কুইন্সেলণ্ডত ‘বেবি মেকিং ট্যু’ৰ ঘোষণা কৰাৰ ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে তেওঁ৷ তেওঁ আৰম্ভ কৰিছে ১০ দিনীয়া এক ভ্ৰমণ, য’ত তেওঁ ডিম্বাণু নিৰ্গত হোৱা মহিলাসকলক গৰ্ভৱতী কৰাৰ পৰিকল্পনা কৰিছে৷
আচলতে ২ টা সন্তানৰ পিতৃ আডাম হুপাৰ এজন শুক্ৰাণু দাতা। তেওঁ নিজৰ শুক্ৰাণু নাৰীক প্ৰদান কৰে। যাতে সেই নাৰীসকলে মাতৃত্বৰ সুখ উপভোগ কৰিব পাৰে। তেওঁ ঘোষণা কৰা মতে এই ভ্ৰমণকালত ইচ্ছুক মহিলাসকলক বিনামূলীয়াকৈ শুক্ৰাণু প্ৰদান কৰিব।
লগতে পঢ়ক কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত
অৱশ্যে আডামে বিনামূলীয়াকৈ শুক্ৰাণু দান কৰাৰ আঁৰৰ কাৰণটো হ’ল অষ্ট্ৰেলিয়াৰ আইন। অষ্ট্ৰেলিয়াত শুক্ৰাণু বিক্ৰী কৰিব নোৱাৰি অৰ্থাৎ শুক্ৰাণুৰ বিনিময়ত ধন লোৱাটো বেআইনী। আডামে কয় যে তেওঁ শুক্ৰাণু দান কৰে যাতে সন্তান নথকাসকলে পিতৃ-মাতৃসকলে এই সুখ অনুভৱ কৰিব পাৰে।
এক সাক্ষাৎকাৰত আডামে কয়, মই যি কৰো তাত মোৰ কোনো স্বাৰ্থ নাই। আনকি মোৰ শুক্ৰাণুৰ পৰা জন্ম লোৱা সন্তানক জীৱন দিবলৈও মই সাজু হৈ আছো। যদি তেওঁলোকে কাৰ শুক্ৰাণুৰ পৰা জন্ম হৈছে সেই জন্মদাতা পিতৃৰ বিষয়ে জানিব বিচাৰে, তেনে তেওঁলোকে মোক সাক্ষাৎ কৰিব পাৰিব। যদি তেওঁলোকক মোৰ প্ৰয়োজন হয়, মইও তেওঁলোক সাক্ষাৎ দিবলৈ সাজু।
এতিয়ালৈকে ৯০০ গৰাকী মহিলা হুপাৰৰ শুক্ৰাণুত গৰ্ভৱতী হৈছে।
লগতে পঢ়ক জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?
আডামে কয় যে এই ভ্ৰমণত তেওঁ কুইন্সলেণ্ডৰ প্ৰতিগৰাকী মহিলাক সহায় কৰিব নোৱাৰিব। যিমান পাৰো সিমান চেষ্টা কৰিম বুলি কৈ ৩৭ বছৰীয়া আডামে কয় যে ফেচবুক, স্পৰ্ম ডনেচন অষ্ট্ৰেলিয়াৰ জৰিয়তে তেওঁ এতিয়ালৈকে ৯০০ মহিলাক গৰ্ভধাৰণ কৰাত সহায় কৰিছে। ইতিমধ্যে তেওঁ ঔৰসৰ ২০ টা সন্তান জন্ম হৈছে।
দৰাচলতে অষ্ট্ৰেলিয়াৰ অবিবাহিত মহিলা আৰু পৰিয়ালসমূহে এতিয়া ব্যয়বহুল পৰম্পৰাগত ক্লিনিক পদ্ধতিৰ পৰা আঁতৰি আহিছে। তেওঁলোকে ব্যক্তিগত শুক্ৰাণু দাতা বিচাৰে। আডামে ইয়াৰ বাবে নিজকে সদায় ফিট বুলিও কয়। আডামে কয় যে ইয়াৰ বাবে তেওঁ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষাও কৰে যাতে তেওঁ সুস্থ শুক্ৰাণু দান কৰিব পাৰে।
কেৱল এয়াই নহয়, আডামে আন পুৰুষকো শুক্ৰাণু দান কৰিবলৈ অনুপ্ৰাণিত কৰে। অন্য দেশৰ পৰাও আডামৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰিবলৈ নাৰী আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ