এটা বান্দৰৰ বাবেই ভাৰতৰ চুবুৰীয়া দেশত দেশজুৰি বিদ্যুৎ বিচ্ছিন্ন
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰত পয়মাল লগাইছে এটা বান্দৰে। এটা সাধাৰণ বান্দৰৰ বাবেই সমগ্ৰ দেশখনত বিদ্যুৎ বিচ্ছিন্ন। এই দুৰৱস্থা হৈছে শ্ৰীলংকাত। এইবাৰ শ্ৰীলংকাৰ কঠিন পৰিস্থিতিৰ কাৰণ এটা বান্দৰ, যাৰ বাবে শ্ৰীলংকাৰ বিদ্যুৎ যোগান সেৱাৰ পতন ঘটিছে।
শ্ৰীলংকাত দেওবাৰে কলম্বোৰ উপকণ্ঠ অঞ্চলত এটা বান্দৰ বিদ্যুৎ গ্ৰীডৰ সংস্পৰ্শলৈ অহাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।
দেশখনৰ এগৰাকী বিষয়াই জনোৱা মতে, দেওবাৰে পুৱা প্ৰায় ১১:৩০ বজাত সমগ্ৰ গ্ৰীড বিকল হৈ পৰে। কেইবা ঘণ্টাৰ পিছতহে পুনৰ বিদ্যুৎ যোগান ধৰা হয়। কিছুমান অঞ্চলত পাঁচ ঘণ্টাৰো অধিক সময় বিদ্যুৎ বিহীন হৈ থাকে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
এই বিষয়ে অধিক তথ্য দি শ্ৰীলংকাৰ বিদ্যুৎ মন্ত্ৰী কুমাৰ জয়কোডীয়ে কয় যে কলম্বোৰ পানাডুৰাত এটা বান্দৰ বিদ্যুৎ গ্ৰীডৰ এটা উপকেন্দ্ৰৰ সংস্পৰ্শলৈ আহিছিল। যাৰ বাবেই বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।
ৰাজ্যিক শক্তি ইউনিটে কেইঘণ্টামানৰ পিছত ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহলৈ বিদ্যুৎ পুনৰ ঘূৰাই আনে। কিন্তু স্থানীয় ৰাইজে বহু পলমকৈ বিদ্যুৎ লাভ কৰাত বিদ্যুৎ বিচ্ছিন্নতাৰ সমস্যাক লৈ অভিযোগ কৰে। অৱশ্যে বৰ্তমানে সেই সমস্য়াৰ সমাধান হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ