আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হোৱা শ্ৰীলংকাত ক্ৰমাৎ ৰাজনৈতিক সংকটো ঘণীভূত হৈছে৷ মংগলবাৰে শ্ৰীলংকাৰ সংসদৰ ৪১ গৰাকী সদস্যই প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ পৰা সমৰ্থন পত্যাহাৰ কৰিছে৷ ইয়াৰ লগে লগে মাহিন্দা ৰাজাপক্ষৰ চৰকাৰ সংখ্যালঘুত পৰিণত হোৱা বুলি আশংকা কৰা হৈছে৷
উল্লেখ্য যে অৰ্থনৈতিক দুৰ্ভিক্ষৰ সন্মুখীন হোৱা শ্ৰীলংকাত বিগত কেবাদিনো ধৰি শিক্ষাৰ্থীসহ জনতাই চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি দেশখনত জৰুৰী অৱস্থাও ঘোষণা কৰা হৈছে৷
শ্ৰীলংকাৰ জনতাৰ লগতে ৰাজনৈতিক দল আৰু একাংশ সাংসদেও মাহিন্দা ৰাজাপক্ষক পদত্যাগৰ দাবীত সৰৱ হৈছে৷ এই দাবীক অধিক ত্বৰান্বিত কৰি মংগলবাৰে ৪১ জনকৈ শ্ৰীলংকান সাসংদে মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰিছে৷
লগতে পঢ়ক মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ
বিৰোধী সাংসদসকলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষক অতি শীঘ্ৰে সংসদৰ অধিবেশন আহ্বান কৰি মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ শক্তি পৰীক্ষা ল’বলৈ দাবী কৰিছে৷ স্মৰ্তব্য যে গোতাবায়া ৰাজাপক্ষ হৈছে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ ভাতৃ৷
ইফালে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষকো পদত্যাগ কৰি সংকট মোকাবিলা কৰিবলৈ ‘জাতীয় চৰকাৰ’ গঠনৰো দাবী উত্থাপন কৰা হৈছে৷
উল্লেখ্য যে দেওবাৰে নিশা মাহিন্দা ৰাজাপক্ষ চৰকাৰৰ ২৬ গৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত গৈ মন্ত্ৰীত্ব ত্যাগ কৰিছিল৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই ভাতৃক বিত্ত মন্ত্ৰীৰ পৰা অপসাৰণ কৰিছিল৷
লগতে পঢ়ক সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!
প্ৰধানমন্ত্ৰী মাহিন্দাই ভাতৃক বিত্ত মন্ত্ৰীৰ পৰা অপসাৰণ কৰি আলি চাব্ৰেক নতুন বিত্ত মন্ত্ৰীৰ দায়িত্ব দিছিল যদিও মাত্ৰ এটা দিনৰ পিছতে তেওঁ পদত্যাগ কৰে৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে দেশখনক আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে৷
ইফালে দেশৰ শিক্ষাৰ্থী সমাজৰ লগতে সাধাৰণ জনতাই দেশখনৰ পাৰিবাৰিক ক্ষমতাক উৎখাত কৰাৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
ইয়াৰ মাজতে আন্তজাৰ্তিক মুদ্ৰা নিধিয়ে শ্ৰীলংকাৰ পৰিস্থিতিত কাঢ়া দৃষ্টি ৰখা বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ