২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিবেশন৷ ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ’ব অধিবেশন৷ নগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰে এই সিদ্ধান্ত৷ কোভিড নিৰ্দেশনা মানি সীমিতসংখ্যক ভক্তৰ উপস্থিতিৰে অনুষ্ঠিত হ’ব এইবৰ্ষৰ অধিৱেশন৷ কোভিডকালৰ বাবে বাতিল কৰা হৈছে অধিৱেশনৰ বাণিজ্য মেলা৷ উল্লেখ্য, কোভিড মহামাৰীৰ বাবে বিগত বৰ্ষত বাতিল কৰা হৈছিল সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিবেশন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ