অসম লাইভ২৪ঃ সাম্প্ৰতিক ঘটনা, ইতিহাস, নানান বিষয়বস্তু আৰু ব্যক্তি বিশেষ সম্পৰ্কে তথ্যসমৃদ্ধ প্ৰতিবেদন সকলোবোৰ উপলব্ধ স্থানেই হৈছে উইকিপিডিয়া। অজানা সকলো বিষয় জানিবলৈ এতিয়া বহুলোকৰেই একমাত্ৰ ভৰসা এই ৱেবচাইট। তাত কোন মানুহে কোনটো বিষয় অত্যাধিক পঢ়িছে তাৰ সকলো তথ্য ৰেকৰ্ড হৈ থাকে। ইংৰাজী উইকিপিডিয়াত ২০২৩ বৰ্ষত সকলোতকৈ বেছি চাৰ্ছ কৰা হৈছে চাটজিপিটি সম্পৰ্কে। উইকিপিডিয়াত অপেন এআইয়ে তৈয়াৰ কৰা আৰ্টিফিছিয়েল ইণ্টেলিজেন্স টুল সম্পৰ্কে মানুহৰ অনুসন্ধান সকলোতকৈ বেছি। এই ৱেবচাইটত চটজিপিটিৰ পেজ ভিউছ ৪৯, ৪৯০, ৪০৬। ইয়াৰ পাছতেই আছে ডেথ বা মৃত্যু। এই বিষয়ৰ পেজ ভিউছ ৪২, ৬৬৬, ৮৪০।
এই তালিকাত তৃতীয় স্থানত আছে বিগত মাহত শেষ হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩। এই টুৰ্নামেণ্ট সম্পৰ্কিত প্ৰতিবেদনৰ পেজভিউছ ৩৮, ১৭১,৬৫৩। এই টুৰ্নামেণ্ট ২০২৩ চনৰ শেষৰ ফালে হ’লেও মানুহৰ আগ্ৰহ কিন্তু মানিবলগীয়া। চতুৰ্থস্থান আৰু পঞ্চম স্থানত আছে ইণ্ডিয়ান প্ৰিমিয়াৰ আৰু লীগ আৰু হলীউড চিনেমা অপেনহাইমাৰ। পেজভিউছ যথাক্ৰমে ৩২,০১২,৮১০ আৰু ২৮, ৩৪৮, ২৪৮।
২০২৩চনত উইকিপিডিয়াত সকলোতকৈ বেছি পঢ়া হৈছে-
১) চাটজিপিটি (পেজভিউছ ৪৯, ৪৯০, ৪০৬)
২) ডেথ (পেজভিউছ ৪২,৬৬৬,৪৬০)
৩) আইচিচি ৱাৰ্ল্ড কাপ ২০২৩ (পেজভিউছ ৩৮, ১৭১, ৬৫৩)
৪) আইপিএল (পেজভিউছ ৩২, ০১২, ৮১০)
৫) অপেনহাইমাৰ চিনেমা (পেজভিউছ ২৮, ৩৪৮, ২৪৮)
৬) ক্ৰিকেট বিশ্বকাপ (পেজভিউছ ২৫, ৯৬১, ৪১৭)
৭) জে ৰবাৰ্ট অপেনহাইমাৰ ( ২৫, ৬৭২, ৪৬৯)
৮) জাৱান চিনেমা (২১,৭১৯,২২৬)
৯) ২০২৩ আই পিএল (২০, ৬৯৪, ৯৭৪)
১০) পাঠান চিনেমা ( ১৯, ৯৩২, ৫০৯)
১১) দ্যা লাষ্ট অফ আছ টি ভি চিৰিজ (১৯, ৭৯১, ৭৮৯)
১২) টেলৰ ছুইফট (১৯, ৪১৮, ৩৮৫)
১৩) বাৰ্বী চিনেমা (১৮, ০৫১,০৭৭)
১৪) ক্ৰিষ্টিয়ানো ৰোনাল্ডো (১৭, ৪৯২, ৫৩৭)
১৫) লিঅ’নেল মেছি ( ১৬, ৬২৩, ৬৩০)
১৬) ইংলিছ প্ৰিমিয়াৰ লীগ ( ১৬, ৬০৪, ৬৬৯)
১৭) মেথিঅ’ পেৰী ( ১৬, ৪৫৪, ৬৬৬)
১৮) মাৰ্কিন যুক্তৰাষ্ট্ৰ (১৬, ২৪০, ৪৬১)
১৯) এলন মাস্ক( ১৪, ৩৭০, ৩৯৫)
২০) অৱতাৰ দ্যা ৱে অফ ৱাটাৰ চিনেমা (১৪, ৩০৩, ১১৬)
২১) ভাৰত (১৩, ৮৫০, ১৭৮)
২২) লিছা মেৰি প্ৰিছলি (১৩, ৭৬৪, ০০৭)
২৩) গাৰ্ডিয়ানছ অফ গেলেক্সি (১৩, ৩৯২, ৯১৭)
২৪) ৰাছিয়া ইউক্ৰেইন (১২, ৭৯৮, ৮৬৬)
২৫) এণ্ড্ৰু টেট (১২, ৭২৮, ৬১৬)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















