শিৱসাগৰত দিন-দুপৰতে
শিৱসাগৰত কালি ৬ জুলাই তাৰিখে দিন-দুপৰতে সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। ছাত্ৰৰ উপৰ্যুপৰি ছুৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষাগুৰুৱে। সহপাঠীৰ সন্মুখতে উপৰ্যুপৰি আক্ৰমণ ছাত্ৰৰ।
শিৱসাগৰৰ ছাই বিকাশ একাডেমী শিক্ষানুষ্ঠানৰ শিক্ষক ৰাজেশ বাবুৰ ছুৰিকাঘাতত কৰুণ মৃত্যু ঘটে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰই সংঘটিত কৰিলে এই জঘন্য কাণ্ড।
গুৰুতৰভাৱে আহত ৰাজেশ বাবুক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু ঘটে শিক্ষকজনৰ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পঢ়া শুনাত নিয়মীয়া নাছিল ছাত্ৰজন। শ্ৰেণীকোঠাতো উপস্থিতি আছিল অনিয়মীয়া। শনিবাৰৰ দিনা ৰাজেশ বাবুৱে পঢ়াই থকা শ্ৰেণীত সেইজন ছাত্ৰই বেমেজালি লগাইছিল।যাৰ বাবে ৰসায়ন বিজ্ঞানৰ শিক্ষক ৰাজেশ বাবুই দাবী ধমকি দি শ্ৰেণীৰ পৰা উলিয়াই দিয়ে ছাত্ৰজনক।
শ্ৰেণীৰ পৰা ওলাই দিয়াত আত্মসন্মানত আঘাত লাগি শ্ৰেণীৰ পৰা ওলাই পোনেই ছাই বিকাশ একাডেমীৰ কাষতে থকা এখন দোকানৰ পৰা এখন ছুৰী কিনি আনে ছাত্ৰজনে। ছুৰী লৈ ছাত্ৰজনে পুনৰ প্ৰৱেশ কৰে শ্ৰেণীকোঠাত।
কিন্তু বিনা অনুমতিত ছাত্ৰ জনে পুনৰ শ্ৰেণী কোঠাত মোসাই যোৱাত পঢ়াই থকাৰ মাজতে আকৌ খং উঠে শিক্ষক ৰাজেশ বাবুৰ। পাছে এইবাৰ গালি খাই ৰসায়ন বিজ্ঞানৰ শিক্ষক ৰাজেশ বাবুক উভতি ধৰে ছাত্ৰজনে। দস্তুৰমত পইচা দি পঢ়িবলৈ অহা বুলি দম্ভালি মাৰে ছাত্ৰজনে। প্ৰত্যুত্তৰত শিক্ষকে কিবা এষাৰ কওতেই শ্ৰেণীকোঠাতে সকলোৰে সমুখতে ছুৰী উলিয়াই ৰাজেশ বাবুক কেইবাবাৰো আক্ৰমণ ছাত্ৰৰ।
ততাতৈয়াকৈ অন্য শিক্ষকে ৰাজেশ বাবুক হাস্পতাললৈ লৈ যায় যদিও ইত্যমধ্যে মৃত্যু হয় ,চিকিৎসকেও মৃত ঘোষণা কৰে। আনহাতে হত্যাকাৰী ছাত্ৰজনকো আটক কৰি আৰক্ষীৰ গতাই দিয়ে শিক্ষানুষ্ঠানখনৰ শিক্ষক মহলে ।
উল্লেখ্য যে, মুখ্যতঃ তামিলনাডুৰ আছিল ৰাজেশ বাবু, শিক্ষাদানৰ বাবে পৰিয়ালৰ সৈতে বাস কৰিছিল শিৱসাগৰত। আৰু শিক্ষদান কৰি থাকোতেই প্ৰাণ হেৰুৱাই কৃতি শিক্ষকগৰাকীয়ে। প্ৰাণিধানযোগ্য যে, শিক্ষানুষ্ঠানখনত JEE আৰু NEETৰ কোচিং দিয়া হয় ।
চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ