অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ
অৱশেষত সন্ধান ওলাল জ্যোতিনগৰৰ ৮ বছৰীয়া অবিনাশৰ মৃতদেহ। ৪জুলাই বৃহস্পতিবাৰৰ নিশা মহানগৰাৰীৰ জ্যোতিনগৰত সংঘটিত হৈছিল সেই শোকাৱহ ঘটনা। সেই দিনাৰে পৰা দিন-ৰাত একাকাৰ কৰি প্ৰশাসন, আৰক্ষী, এছ ডি আৰ এফ, পৰিয়ালৰ লোকে সন্ধান পোৱা নাই অবিনাশৰ।
আজি ৭ জুলাই তাৰিখ দেওবাৰে অৱশেষত সন্ধান ওলাল কনমানি অবিনাশৰ। ৰাজগড়ৰ নলাত উদ্ধাৰ অবিনাশৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।
অবিনাশৰ পৰিয়ালৰ লোকে হাস্পতালত অবিনাশৰ মৃতদেহ চিনাক্ত কৰে।
বৃহস্পতিবাৰৰে পৰা উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছিল। জ্যোতিনগৰ, অনুৰাধা, বামুণিমৈদাম, চানমাৰি, ৰাজগড় আদিৰ বহু নলাত উদ্ধাৰ অভিযান চলাইছিল উদ্ধাৰকাৰী দলে। ভাত-পানী এৰি ঘটনা সংঘটিত হোৱা স্থানত, উদ্ধাৰ অভিযান চলোৱা ঠাইত পিতৃ-মাতৃয়ে কান্দি কান্দি সময় অতিবাহিত কৰিছিল। পিতৃয়ে চলাই অহা স্কুটিখন হাউলি পৰাত পানীৰ সোঁতত নলাত উটি গৈছিল অবিনাশ।
দিন-ৰাত একাকাৰ কৰি পিতৃয়েও চলাই আছিল পুত্ৰৰ সন্ধান। সেই সময়তে উদ্ধাৰ হৈছিল পুত্ৰৰ ভৰিৰ দুপাত চেন্দেল। দুদিনত উদ্ধাৰ হৈছিল দুপাত। তাৰ পাছতে আজি দেওবাৰে উদ্ধাৰ হয় মৃতদেহ।
শনিবাৰে উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰীয়ো। উদ্ধাৰকাৰী দলক অভিযান ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পিতৃ-মাতৃক বুজনি দিছিল মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ