অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত সূৰ্যক আত্মাৰ কাৰক গ্ৰহ বুলি কোৱা হয়। ব্যক্তিক শক্তি প্ৰদান কৰে এই গ্ৰহই। সমস্ত ৰাশিৰ জীৱনতেই সূৰ্যৰ ৰাশি পৰিবৰ্তনে প্রভাৱ বিস্তাৰ কৰে। অন্যহাতে নৱগ্ৰহৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ গ্ৰহ বৃহস্পতিয়েও ব্যক্তিৰ জীৱনত নানান শুভ প্ৰভাৱ বিস্তাৰ কৰি থাকে। বৃহস্পতিৰ প্ৰভাৱত ব্যক্তিৰ সুখ, সমৃদ্ধি, ধন, বৈভৱ, মান-সন্মান বৃদ্ধি পায়। জ্যোতিষ অনুসৰি সূৰ্য আৰু বৃহস্পতি এই দুই গ্ৰহৰ যুঁটি হ’লে ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধি বৃদ্ধি পায়।
জ্যোতিষ গণনা অনুযায়ী সূৰ্যই এপ্ৰিল মাহত মেষ ৰাশিত প্ৰৱেশ কৰিব। তাতেই বৃহস্পতিৰ সৈতে যুঁটি তৈয়াৰ কৰিব। মেষ ৰাশিত সূৰ্যৰ স্থান উচ্চ। এই পৰিস্থিতিত বৃহস্পতি আৰু সূৰ্যৰ যুঁটিৰ ফলত একাধিক ৰাশিৰ জীৱন প্ৰভাৱিত হ’ব। কোন কোন ৰাশিৰ বাবে ভাল সময় আহিব জানি থওক সবিশেষ।
মেষ ৰাশি
এই ৰাশিতেই সূৰ্য আৰু বৃহস্পতিৰ যুঁটি হ’ব। লগ্ন স্থানত হোৱা এই যুঁটিৰ কাৰণে নতুন বছৰত প্ৰচুৰ ধন-সম্পত্তি অৰ্জন কৰিব এই ৰাশিৰ জাতকে। দীৰ্ঘদিন ধৰি চলি থকা সমস্যাৰ সমাধান হ’ব। চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িত জাতকে এই বৰ্ষত সাফল্য লাভ কৰিব। সূৰ্য কেৰিয়াৰ আৰু ব্যৱসায়ৰ অধিপতি গ্ৰহ। বৃহস্পতি আৰু সূৰ্যৰ যুঁটিৰ ফলত কেৰিয়াৰত সফলতা আৰু পদোন্নতি আহিব। আৰ্থিক জীৱন ঋণমুক্ত হ’ব এই ৰাশিৰ জাতকৰ। বেংক বেলেন্সো বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ সৈতেও ভাল সময় কটাব। পৈতৃক ব্যৱসায়ত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব।
মিথুন ৰাশি
এই ৰাশিৰ একাদশ স্থানত বৃহস্পতি আৰু সূৰ্যৰ যুঁটি তৈয়াৰ হ’ব। এই স্থানটোক আয়, আৰ্থিক লাভ, ধন আৰু প্ৰসিদ্ধিৰ প্ৰতীক বুলি ধৰা হয়। এই সময়ত মিথুন ৰাশিৰ জাতকে আৰ্থিক লাভ অৰ্জন কৰিব পাৰে। আৰ্থিক জীৱনত ভাল পৰিনাম পাব। ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিব পাৰিব। আয়ৰ নতুন উৎস উন্মুক্ত হ’ব এই ৰাশিৰ জাতকৰ। বৰ্তমান চাকৰিত পদোন্নতি আৰু বেতনবৃদ্ধি সম্ভৱ। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ভায়েক-ভনীয়েকৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। ব্যয় কিছু বাঢ়িব পাৰে। সমাজত মান-সন্মান বাঢ়িব। ইয়াৰোপৰি নাম আৰু প্ৰসিদ্ধিও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ দশম স্থানত সূৰ্য আৰু বৃহস্পতিৰ যুঁটি হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই যুঁটিক কেৰিয়াৰ আৰু কৰ্মৰ স্থান বুলি কোৱা হয়। ২০২৪ চনত এই ৰাশিৰ জাতকে পদ-প্ৰতিষ্ঠা লাভ কৰিব। আনন্দৰ আগমন ঘটিব এই ৰাশিৰ জাতকৰ জীৱনত। পেশাগত জীৱন লাভাম্বিত হ’ব কৰ্কট ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত প্ৰচুৰ লাভ আহিব। ব্যক্তিগত জীৱন ভালেৰে যাব। ঘৰত আনন্দৰ পৰিবেশে বিৰাজ কৰি থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ