১৮ বছৰ পাছত কন্যা ৰাশিত যুঁটি হ’ব সূৰ্য আৰু কেতুৰ৷ ১৬ ছেপ্টেম্বৰত এই ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ১৬ অক্টোবৰ পৰ্যন্ত আত্মাৰ কাৰক গ্ৰহ সূৰ্যই এই ৰাশিৰ অৱস্থান কৰিব৷ তাত পূৰ্বৰে পৰাই কেতু বিৰাজমান৷ যাৰ ফলত কন্যা ৰাশিৰ সূৰ্য আৰু কেতুৰ যুঁটি তৈয়াৰ হ’ব৷ জ্যোতিষ গণনা অনুসৰি সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত সিংহ, বৃশ্চিকসহ পাঁচ ৰাশিৰ জাতকৰ হাতলৈ আহিব ধন সম্পত্তি৷ সূৰ্য আৰু কেতুৰ যুঁটি কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত কোন কোন ৰাশিৰ ভাগ্য চমকিব? জানি থওক সবিশেষ৷
বৃষ ৰাশি
এই ৰাশিৰ পঞ্চম স্থানত সূৰ্য আৰু কেতুৰ যুঁটি হ’ব৷ এই পৰিস্থিতিত সূৰ্য আৰু কেতু মিলি এই ৰাশিৰ জাতকৰ শিক্ষাক্ষেত্ৰত ভাল লাভ প্ৰদান কৰিব৷ উচ্চশিক্ষা গ্ৰহণত ইচ্ছুক জাতকে এই সময়ত সুযোগ পাব৷ বিদেশত পঢ়াশুনাৰ সপোন দেখিলে সেই সপোন পূৰ্ণ হ’ব৷ আধ্যাত্মিক জীৱনত সাফল্য লাভ কৰিব৷ ধৰ্মীয় কামত ৰুচি বাঢ়িব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ গোচৰ কোষ্ঠীৰ দ্বিতীয় স্থানত এই দুই গ্ৰহৰ যুঁটি হ’ব৷ বাণীৰ প্ৰভাৱ বিস্তাৰত সফল হ’ব৷ বাণীৰ জোৰত কোনো বৃহৎ চুক্তি অৰ্জন কৰিব পাৰিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হ’ব৷ ধন-সম্পত্তি লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷
বৃশ্চিক ৰাশি
আপোনাৰ গোচৰ কোষ্ঠীৰ একাদশ স্থানত সূৰ্য আৰু কেতুৰ যুঁটি হ’ব৷ এই দুই গ্ৰহ মিলি বৃশ্চিক জাতকক ধনলাভৰ সুযোগ প্ৰদান কৰিব৷ পিতৃৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ আপোনাৰ মনৰ মাজত সন্তুষ্টি থাকিব৷ ভায়েক ভনীয়েকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব৷ আপোনাৰ কোনো অসম্পূৰ্ণ ইচ্ছা পূৰণ হ’ব৷
ধনু ৰাশি
জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ কোষ্ঠীৰ দশম স্থানত সূৰ্য আৰু কেতুৰ যুঁটি তৈয়াৰ হ’ব৷ এই পৰিস্থিতিত ধনু ৰাশিৰ জাতকে ভাল পৰিমাণৰ ধনলাভ কৰিব পাৰিব৷ প্ৰত্যাশাৰ তুলনাত কম লাভ হ’ব এই ৰাশিৰ জাতকৰ৷ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এই সময় শুভ৷ ৰাজনীতিৰ সৈতে জৰিত জাতকে গুৰুত্বপূৰ্ণ সংবাদ পাব৷ জনপ্ৰিয়তা বৃদ্ধি পাব৷ কেৰিয়ালৰত লাভ প্ৰদান কৰিব সূৰ্য আৰু ৰাহুৱে৷ চাকৰিয়াল জাতকৰ অধিকাৰীসকলে প্ৰশংসা অৰ্জন কৰিব৷
মকৰ ৰাশি
সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত মকৰ ৰাশিৰ জাতকৰ আধ্যাত্মিক কামৰ প্ৰতি ৰুচি বাঢ়িব৷ কোনো ধৰ্মীয় স্থানৰ যাত্ৰাত যাব পাৰে এই ৰাশিৰ জাতকে৷ আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব৷ সকলোৱে আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰিব৷ আপোনাৰ পৰামৰ্শই বেলেগকো সুফল দিব৷ ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ পৰিয়ালত সদস্যসকলৰ সৈতে কোনো তীৰ্থস্থানলৈ যাব পাৰে৷ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ’ব৷ কেৰিয়াৰত লাভ অৰ্জন কৰিব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্ক নষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ