অৱশেষত ৯ মাহ মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰে আজি আৰম্ভ কৰিছে উভতনি যাত্ৰা৷ ১৮ মাৰ্চৰ পুৱা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰে যাত্ৰা আৰম্ভ কৰিব আৰু ১৯ মাৰ্চৰ পুৱা তেওঁলোকৰ মহাকাশযানখনে অৱতৰণ কৰিব। যানখনে অৱশ্যে স্থলৰ সলনি পানীতহে অৱতৰণ কৰিব বুলি জনাইছে নাছাই৷
https://x.com/i/broadcasts/1gqGvjPzOzzGB
৬টা ষ্টেপেৰে সম্পন্ন হ’ব ৰিটাৰ্ণ-লেণ্ডিং
- মহাকাশচাৰীসকলে প্ৰেচাৰ ছুট পিন্ধিব আৰু হেচ্চ বন্ধ কৰা হ’ব৷
- তাৰপিছতেই মহাকাশযানখন ISSৰ পৰা পৃথক হ’ব। সৰু সৰু ড্ৰেকো থ্ৰাষ্টাৰে মহাকাশযানখনক ষ্টেচনৰ পৰা আঁতৰাই দূৰলৈ ঠেলি দিব।
- ড্ৰেকো থ্ৰাষ্টাৰৰ ফায়াৰিঙৰ ফলত যানখনৰ স্পীড কমিব আৰু লাহে লাহে মহাকাশযানখনে পৃথিৱীৰ কাষলৈ যাত্ৰা কৰিব৷
- মহাকাশযানখনে ঘণ্টাত ২৭০০০ কিলোমিটাৰ বেগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। এই সময়ত তাপমাত্ৰা ১৬৫০ ডিগ্ৰী হ’ব আৰু ৫ মিনিটৰ পাছতেই যোগাযোগ বিচ্ছিন্ন হ’ব মহাকাশষ্টেচনৰ পৰা৷
- ১৮ হাজাৰ ফুট উচ্চতাত ২ টা ড্ৰগ পেৰাচুট আৰু ৬ হাজাৰ ফুট উচ্চতাত ৪ টা পেৰাচুট খোল খাব আৰু মহাকাশযানখনৰ গতি ঘণ্টাত ২৪ কিলোমিটাৰলৈ হ্ৰাস হ’ব।
- ফ্ল’ৰিডাৰ ওচৰৰ সাগৰত আহি লেণ্ডিং কৰিব মহাকাশযানখনে। তাতেই সাজু হৈ থাকিব উদ্ধাৰকাৰী জাহাজ আৰু উদ্ধাৰকাৰী দল৷
- উদ্ধাৰকাৰী দলটোৱে মহাকাশযানখনৰ পৰা লগে লগেই মহাকাশচাৰীসকলক মহাকাশযানৰ পৰা উলিয়াই আনি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব৷
নাছাৰ মতে বতৰৰ ওপৰত নিৰ্ভৰ কৰি স্প্লেছডাউনৰ স্থান সলনি হ’ব পাৰে।
অৱতৰণত কিমান সময় লাগিব?
নাছাই স্পেচএক্স ড্ৰেগন হেচ্চ বন্ধ কৰিছে৷ ভাৰতীয় সময় অনুসৰি পুৱা ৮:১৫ বজাৰ পৰা আৰম্ভ হৈছে ড্ৰেগন মহাকাশযানখনৰ হেচ্চ বন্ধ কৰাৰ প্ৰক্ৰিয়া। ভাৰতীয় সময় অনুসৰি পুৱা ১০:৩৫ বজাত আই এছ এছৰ পৰা আনডকিং হ’ব অৰ্থাৎ ড্ৰেগন কেপচুল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথক হ’ব। ১৯ মাৰ্চৰ পুৱা প্ৰায় ৩:২৭ বজাত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব যানখনে৷ এই যাত্ৰাত প্ৰায় ১৭ ঘণ্টা সময় লাগিব। বতৰৰ বাবে উভতি অহাৰ সময়সূচী সলনিও হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ