ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ
সকলো বিশ্ববাসী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। দুয়োগৰাকী মহাকাশচাৰী যাতে সুকলমে ধৰাত ভৰি দিব পাৰে তাকে লৈ উৎকণ্ঠা।
কিন্তু ভাৰতবাসী কিয় ইমান বেছি আগ্ৰহী সুনীতাক লৈ। কিয় মাজ নিশাও সকলোৱে সাৰে থাকি চালে সুনীতা সুকলমে অহাৰ লাইভ। কিয় সকলো ভাৰতবাসীয়ে প্ৰাৰ্থনা কৰি থাকিল সকলো যাতে সুকলমে থাকে !
কাৰণ সুনীতাৰ নামটোতেই নিহিত হৈ আছে ভাৰত। ভাৰতীয় নাম থকা সুনীতা মূলতে ভাৰতৰ। যদিও সুনীতাৰ জন্ম আমেৰিকাৰ অহিয়োত তথাপি ভাৰতৰ সৈতে শিপা জোৰ খাই আছে সুনীতা উইলিয়ামছৰ।
কাৰণ সুনীতাৰ পিতৃ ভাৰতীয়। গুজৰাটৰ সৈতে সম্পৰ্ক আছে সুনীতাৰ। পিতৃ ডাক্টৰ দীপক পাণ্ডিয়া গুজৰাটী। সেই উদ্দেশ্যে ভাৰতৰ কন্যা হৈ পৰে সুনীতা । মাতৃ ইউৰোপৰ শ্লোভাকিয়াৰ।
আমেৰিকাতেই শিক্ষা গ্ৰগণ কৰিছিল সুনীতাই। ভাৰতলৈ পূৰ্বেও আহিছিল সুনীতা। পৰিয়ালে নিশ্চিত কৰিছে সুস্থ হৈ উঠিয়ে পুনৰ ভাৰতলৈ আহিব সুনীতা। গুজৰাটত থকা সুনীতাৰ পিতৃৰ পৰিয়ালে নিশ্চিত কৰিছে সুনীতা ভাৰতলৈ অহাৰ কথাটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















