বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ৷ বোয়িং ষ্টাৰলাইনাৰ স্পেছক্ৰাফ্টত উঠি ফ্লৰিডাৰ কেপ কেনাভেৰাল স্পেছ ফৰ্ছ ষ্টেচনৰ পৰা উৰা মাৰিছিল বিগত বৰ্ষৰ ৫ জুনত৷ তাৰপিছৰে পৰা বিগত ৯মাহ সময় তেওঁলোক আছিল মহাকাশ ষ্টেচনত৷ মহাকাশ ষ্টেচনত থকাৰ সময়ত কি কি বিশেষ কামৰ নিযুক্ত হৈ আছিল বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ?
নাছাৰ চৰকাৰী তথ্য অনুসৰি কাগজে কলমে এই মিছনৰ নাম আছিল বোয়িং ক্ৰিউ ফ্লাইট টেষ্ট৷ তাতেই তেওঁলোকৰ প্ৰধান কাম আছিল টেক অফ, লেণ্ডিং আৰু উৰণৰ সময়ত সেই ষ্টাৰলাইনাৰ স্পেছক্ৰাফ্টৰ চাৰ্বিক পাৰ্ফৰমেন্স আৰু ক্ৰিউ ইকুইপমেণ্ট, স্পেছছ্যুট আৰু চিট পাৰফৰমেন্স পৰীক্ষা কৰা৷
ইণ্টাৰনেশ্ব্যনেল স্পেছ ষ্টেচনত ডকিঙৰ সময়ত কোনো সমস্যা হৈছে নে, মেনুৱেল এবৰ্ট ছিনাৰিঅত কমিউনিকেশ্ব্যন চেকআউট কেনেকৈ কৰা হব, টেষ্ট মেনুৱেল অটোমেটেড নেভিগেছন আৰু লাইফ ছাপৰ্ট চিষ্টেমৰ পৰীক্ষা কৰাৰ কামো আছিল সুনীতাহঁতৰ৷
ইমান দিন মহাকাশত থাকি কিমান আগবাঢ়িল কাম?
সুনীতাহঁতে কৰা কামৰ ভিতৰত প্ৰধান হৈছে মহাকাশত অবিৰত গতিশীল অৱস্থাত থকা মহাকাশ ষ্টেচন মেনটেনেন্সৰ কাম৷ পুৰণি হাৰ্ডৱেৰ পৰীক্ষা কৰা আৰু সলনিৰ কাম নিয়মিত হৈছেনে নাই পৰীক্ষা কৰা৷ নজিৰ গঢ়ি তেওঁলোকে স্পেছ ষ্টেচনৰ বাহিৰতো স্পেছ ৱাক কৰিছে৷ কেৱল এক্সটেনশ্ব্যন কৰ্ড দিয়েই স্পেছ ষ্টেচনৰ সৈতে যুক্ত অৱস্থাত মহাশূন্যত ভাহি ৯দফাত ৬২ ঘণ্টা ৯ মিনিট স্পেছ ৱাক কৰিছে সুনীতাই৷ যি নজিৰ অন্য কাৰো নাই৷ একেধৰণে তেওঁলোকে স্পেছ ষ্টেচনৰ মডিউল, ৰেডিয়েটৰ, ৰোবোটিক আৰ্ম, পেনেলসহ একাধিক গুৰুত্বপূৰ্ণ যন্ত্ৰাংশও তাত সংযুক্ত কৰিছে৷
নাছাৰ সূত্ৰই কৈছে, একাধিক হাই ইম্পেক্ট ৰিচাৰ্ছ প্ৰজেক্টৰত কাম কৰিছে সুনীতাই৷ যি পূৰ্বৰে পৰা তেওঁলোকৰ তালিকাত নাছিল৷ যাৰ মাজত আছে মহাকাশত ফ্লুই়ড চিষ্টেমৰ ওপৰত মাইক্ৰগ্ৰেভিটিয়ে কেনেকৈ কাম কৰে, সেয়া হাতে কামে পৰীক্ষা কৰা৷ আগন্তুক দিনত যি পৰীক্ষাৰ ফলাফলে ডাঙৰ গৱেষণাৰ পথ দেখুৱাব বুলি দাবী বিশেষজ্ঞৰ৷
ইমানতেই কাম শেষ হোৱা নাই সুনীতাৰ৷ বুচক সাৰ্বিক মেনটেনেন্সত বেছি জোৰ দিয়া হৈছিল, সুনীতাক মহাকাশত ৱাটাৰ ৰিকভাৰি আৰু ফুৱেল চেলছ টেকনোলজিৰ ৰি এক্টৰ বনোৱাৰ একাধিক পৰীক্ষা নিৰীক্ষাৰ দায়িত্ব দিয়া হৈছিল৷ পৰবৰ্তীকালত যি মিছন হব তাৰ সময়কাল আৰু বেছিদিন হব৷ সেই সময়ত এই ৰি এক্টৰৰ ভূমিকা আৰু প্ৰয়োজনীয়তা বহু বেছিকৈ বুজা যাব বুলি দাবী কৰিছে মহাকাশ গৱেষণাত ব্যস্ত বিজ্ঞানীসকলে৷
ইয়াৰোপৰি আন এক গুৰুত্বপূৰ্ণ কাম কৰিছে সুনীতাই৷ নাছা কৰ্তৃপক্ষই জনাইছে যে বিগত ৯ মাহত বায়ো নিউট্ৰিয়েন্সক লৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰমিছিং প্ৰজেক্টৰ পৰীক্ষাও আৰম্ভ কৰিছে সুনীতাই৷ তাতেই তেওঁ হাতত গৰম পৰীক্ষা কৰিছে কিছু উপকাৰী বেক্টেৰিয়া আৰু অনুজীৱক লৈ৷ এইসমূহৰ পৰা মহাকাশত থাকিয়েই আগন্তুক দিনত ফ্ৰেছ নিউট্ৰিয়েণ্ট বনোৱা সম্ভৱপৰ হৈ উঠিব৷
বিশেষজ্ঞসকলৰ দাবী এই প্ৰজেক্ট সফল হলে মহাকাশত দীঘলীয়া সময় গৱেষণাৰ বাবে যোৱা এষ্ট্ৰনটসকলৰ ৰকেটত খাদ্যৰ বোজা কঢ়িয়াই নিয়াৰ সমস্যা দূৰ হব৷ খাদ্যৰ ঠাইত অন্য গৱেষণাৰ ইনষ্ট্ৰুমেণ্ট লৈ গৈ মহাকাশত থকা অৱস্থাতেই এছেনচিয়েল ভিটামিন আৰু মিনাৰেলছ বনাইয়ো লৈ যাব পাৰিব৷ ইয়াৰোপৰি মাইক্ৰবছৰ জীৱনচক্ৰক লৈ গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিছে সুনীতাই৷ ইয়াৰ সৈতে আৰু একাধিক পৰীক্ষা কৰিছে নাছাই৷ যি অচিৰেই প্ৰকাশ কৰিব বুলিও কৈছে নাছাৰ সূত্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ