পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ
ট্ৰাম্পৰ প্ৰতিশ্ৰুতিও কামত নাহিল, মহাকাশৰ পৰা উভতি আহিব লগা সুনীতা উইলিয়ামছ পুনৰ আবদ্ধ হৈ পৰিল, ক্ৰু-১০ উৎক্ষেপণ কৰিব নোৱাৰিলে।
মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ কাম স্তব্ধ হৈ পৰিছে। ৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ উভতি অহাৰ বাবে যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল। সুনীতাৰ উভতি অহাটো নিশ্চিত কৰিবলৈ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ক্ৰু-১০ নামৰ এখন মহাকাশযান উৎক্ষেপণ কৰিবলৈ ওলাইছিল।
কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ক্ৰু-১০ৰ উৎক্ষেপণ পিছুৱাই দিবলগীয়া হ’ল। নাছাই কয় যে হাইড্ৰলিক ব্যৱস্থাৰ সমস্যাৰ বাবে ক্ৰু-১০ উৎক্ষেপণৰ কাম পিছুৱাই দিবলৈ বাধ্য হয়, যাৰ বাবে পুনৰ এবাৰ নিৰাশাই বিৰাজ কৰিছে সকলোফালে।
উল্লেখ্য যে, ৫ জুনত মাথো ১০ দিনৰ অভিযানত মহাকাশলৈ গৈ ৯ মাহ ধৰি মহাকাশতে আৱদ্ধ হৈ আছে সুনীতা আৰু বুচ। ষ্টাৰলাইনাৰৰ কাৰিকৰী দোষৰ বাবে দুয়োজনেই বৰ্তমানলৈ উভতি আহিব পৰা নাই।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত সুনিতা আৰু বুচ ঘূৰি অহাৰ কথা আছিল। কিন্তু পৰৱৰ্তী ক্ৰু লঞ্চত পলম হোৱাৰ বাবে দুয়োজনেই ঘূৰি আহিব নোৱাৰিলে। মঙলবাৰে নাছাই ঘোষণা কৰে যে দুয়োগৰাকী মহাকাশচাৰীয়ে মাৰ্চ মাহৰ শেষলৈকে মহাকাশতে থাকিব লাগিব।
অৱশ্যে আজি বৃহস্পতিবাৰ আৰু কাইলৈ শুকুৰবাৰেও ৰকেট নিক্ষেপ কৰাৰ সময় আছে। যদিহে ইলন মাস্কৰ স্পেচএক্সে হাইড্ৰলিক্সৰ সমস্যা সমাধান কৰে তেন্তে এই সপ্তাহত ফেলকন ৯ ৰকেট উৎক্ষেপণ কৰিব পৰা যাব। যদি ১৯ মাৰ্চৰ ভিতৰত সকলো ঠিকে থাকে তেন্তে স্পেচএক্স ক্ৰু ড্ৰেগনে মহাকাশত আবদ্ধ হৈ থকা সুনিতা উইলিয়ামছ আৰু বুচ উইলম’ৰক পৃথিৱীলৈ ঘূৰাই আনিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ