নতুন বছৰ আহিবলৈ আৰু মাত্ৰ কেইদিনমান বাকী৷ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে সকলোৱে জানিব খুজিছে আসন্ন বছৰ কেনে হ’ব? কেতিয়া কি উৎসৱ? ইয়াৰ সৈতে আগন্তুক বছৰত কোন দিনা সূৰ্য আৰু চন্দ্ৰগ্ৰহণ ঘটিব সেয়াও জানিবলৈ আগ্ৰহী বহুজন৷ জানি থওক ২০২৬ চনৰ প্ৰথম সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া?
২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ কেতিয়া?
পঞ্জিকা অনুসৰি ২০২৬ চনৰ প্ৰখম সূৰ্যগ্ৰহণ মঙলবাৰ ১৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে৷ ভাৰতত এই গ্ৰহণ দৃশ্যমান নহয়৷ ২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ ফাগুন মাহৰ কৃষ্ণপক্ষৰ অমাবস্যা তিথিত ঘটিব৷ এই সূৰ্যগ্ৰহণক উল্লেখযোগ্য বুলি ধাৰণা কৰা হৈছে৷ ইয়াক বলয়াকাৰ সূৰ্যগ্ৰহণ বা জুইৰ বলয় হিচাপে চোৱা হয়৷
সূৰ্যগ্ৰহণ কেতিয়া দেখা যাব?
২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰী বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব৷ দক্ষিণ পূৰ্ব আফ্ৰিকাৰ এণ্টাৰ্কটিকাত দেখা যাব এই গ্ৰহণ৷ ইয়াৰোপৰি দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত আৰু আটলাণ্টিক মহাসাগৰৰ কিছু অংশত দৃশ্যমান হব৷
২০২৬ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ কেতিয়া?
পঞ্জিকা অনুসৰি নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ ২০২৬ চনৰ ৩ মাৰ্চত৷ ফাগুন মাহৰ পূৰ্ণিমা তিথিত ঘটিব এই গ্ৰহণ৷ ইয়াৰোপৰি এই দিনটোত হোলিও পৰিছে৷ ভাৰতত দৃশ্যমান হ’বএই গ্ৰহণ৷ এই গ্ৰহণ হ’ব আংশিক চন্দ্ৰগ্ৰহণ৷ কাকতালীয়ভাৱে এই গ্ৰহণ সন্ধিয়া ৬ বাজি ২৬ মিনিটৰ পৰা সন্ধিয়া ৬বাজি ৪৬ মিনিটলৈকে স্থায়ী হ’ব৷ যাৰ সময়কাল মাত্ৰ ২০ মিনিট৷
চন্দ্ৰগ্ৰহণ ক’ৰ পৰা দেখা যাব?
বছৰৰ প্রথম চন্দ্ৰগ্ৰহণ যি ৩ মাৰ্চ ২০২৬তাৰিখে হ’ব৷ এই চন্দ্ৰগ্ৰহণ ভাৰতৰ ওপৰিও অষ্ট্ৰেলিয়া, উত্তৰ আৰু দক্ষিণ আমেৰিকাসহ বহু দেশত দেখা যাব৷ যিহেতু এই গ্ৰহণ ভাৰতত দৃশ্যমান হ’ব সেয়ে ইয়াৰ সূতক কাল ইয়াত প্ৰযোজ্য হ’ব৷ এই গ্ৰহণ ভাৰতত দৃশ্যমান হ’ব৷ ইয়াৰ সূতককাল ইয়াতো প্ৰযোজ্য হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















