অসম লাইভ ২৪ঃ বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত ৰাজপুতৰ জীৱনভিত্তিক এখন ছবি নিৰ্মাণ হ’ব। ইতিমধ্যেই ছবিখনৰ প’ষ্টাৰ মুকলি কৰা হৈছে। উল্লেখযোগ্য যে ছবিখনত সুশান্তৰ চৰিত্ৰত অভিনয় কৰিছে সুশান্তৰ হমচকল টিকটক ষ্টাৰ শচীন তিৱাৰীয়ে। সুশান্তৰ মৃত্যুৰ পাছতে অবিকল চেহেৰাৰ শচীন তিৱাৰীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সুশান্ত সিঙৰ লগত সম্পূৰ্ণ মিল আছে শচীনৰ। শচীনৰ চাল-চলন, ডান্স সকলোবোৰ মিল আছে সুশান্তৰ লগত। ‘ছুইচাইড অউৰ মাৰ্ডাৰ- এ ষ্টাৰ ৱাজ লষ্ট’ ছবিখন পৰিচালনা কৰিছে বিজয় শেখৰে। ছ’চিয়েল মিডিয়াত ছবিখনৰ ঘোষণা কৰি প্ৰথম প’ষ্টাৰ মুকলি কৰে বিজয় শেখৰে। পৰিচালকে লিখিছে এখন সৰু চহৰৰ পৰা অহা এজন যুৱক ইণ্ডাষ্ট্ৰীত তাৰকা হৈ পৰে। সৰু চহৰৰ যিসকল অভিনেতাই বলীউড ইণ্ডাষ্ট্ৰীত সংগ্ৰাম কৰে, যাৰ কোনো গড ফাডাৰ নাই, তেওঁলোকৰ সেই সংগ্ৰাম তেওঁ ছবিখনত দেখুৱাব বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ