অসম লাইভ২৪ঃ ৩০ বছৰৰ পাছতো পাকিস্তানক হৰোৱাৰ নোৱাৰিলে নিউজিলেণ্ডে। আকৌ এবাৰ নিউজিলেণ্ডক পৰাস্ত কৰি টি-২০ৰ ছেমিফাইনেলত প্ৰৱেশ পাকিস্তানৰ। নিউজিলেণ্ডক ৭ উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে বাবৰ আজম বাহিনীয়ে।
পাকিস্তানৰ হাতত প্ৰথম পৰাজয় কেতিয়া হৈছিল নিউজিলেণ্ডৰ?
নিউজিলেণ্ডৰ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাজয় যাত্ৰা আৰম্ভ হৈছিল ৩০ বছৰ পূৰ্বেই। আজিও অব্যাহত আছে সেই ধাৰা। নিউজিলেণ্ডক সহজে হৰুৱাই এইবাৰো টি-২০ত ফাইনেল খেলাৰ পথত আগবাঢ়িছে বাবৰ আজম বাহিনী। নিউজিলেণ্ডৰ পাকিস্তানৰ হাতত পৰাজয় যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৯২ চনৰ বিশ্বকাপৰ পৰা। ছেমিফাইনেলত সেইবাৰো নিউজিলেণ্ডে ঘৰুৱা মাটিতেই পাকিস্তানৰ হাতত ধৰাশায়ী হৈছিল। প্ৰথমে বেট ধৰি ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰান কৰিছিল ঘৰুৱা দল নিউজিলেণ্ডে। নিউজিলেণ্ডৰ প্ৰভাৱশালী বেটছমেন মাৰ্টিন ক্ৰোৱে কৰিছিল ৯১ ৰান। পাকিস্তানৰ হৈ ওয়াছিম আক্ৰাম আৰু মুস্তাক আহমেদে দুটাকৈ উইকেট লৈছিল। তাৰ পিছতেই পাকিস্তানে বেটিং কৰি ৪ উইকেটত মেচ জিকিবলৈ সক্ষম হয়। খেলখনত পাকিস্তানৰ হৈ মিয়াদাদে ৫৭ ৰান কৰিছিল। ইফালে ইনজামাম উল হকে কৰিছিল ৬০ ৰান। সেই বৰ্ষত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল পাকিস্তানে।
১৯৯৮ চনটো একেই ঘটনাৰেই পুনৰাবৃত্তি!
৭ বছৰ পিছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটে। সেইবাৰো প্ৰথমে বেট ধৰি ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৮১ ৰান কৰিছিল নিউজিলেণ্ডে। পাকিস্তানৰ হৈ ছোৱেইব আখতাৰে ৩টা, ওৱাছিম আক্ৰাম আৰু আব্দুল ৰাজ্জাকে দুটাকৈ উইকেট লৈছিল। বেটিঙতো ১৫ বল বাকী থাকোতেই ৯ উইকেটত দুৰ্দান্ত খেলেৰে জয়ী হৈছিল পাকিস্তান। কিন্তু সেইবাৰ পাকিস্তানে বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ফাইনেলত কেংগাৰুবাহিনী অৰ্থাৎ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল পাকিস্তানৰ দলটো।
টি-২০ আৰম্ভণিৰ বৰ্ষতো পাকিস্তানৰ হাততেই ধৰাশায়ী নিউজিলেণ্ড
এদিনীয়া বিশ্বকাপৰ ধাৰা বৰ্তাই ৰাখি টি-২০তো একেই ধাৰা ধৰি ৰাখিছে পাকিস্তানে। ২০০৭ চনত প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত ছেমিফাইনেলত পুনৰ মুখামুখি হৈছিল পাকিস্তান-নিউজিলেণ্ড। কেপটাউনত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি ৮ উইকেটত ১৪৩ ৰান কৰিছিল নিউজিলেণ্ডে। পাকিস্তানক সেইবাৰ নিউজিলেণ্ডে বান্ধি দিছিল ১৪৪ ৰানৰ টাৰ্গেট। সেই মেচত ৰছ টেইলৰে অপৰাজিত ৩৭ ৰান কৰিছিল। ইপিনে পাকিস্তানৰ হৈ উমৰ গুলে ৩ টা আৰু ফাওদাদ আলমে দুটাকৈ উইকেট লৈছিল। ৭টা বল বাকী থাকোতেই নিউজিলেণ্ডে বান্ধি দিয়া টাৰ্গেট সম্পূৰ্ণ কৰিছিল পাকিস্তানৰ দলটোৱে।
উল্লেখ্য যে চলিত বৰ্ষতো পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিলে পাকিস্তানে। ছিডনীত অনুষ্ঠিত টি-২০, ২০২২ত পাকিস্তানৰ হাততেই বিশ্বকাপ জয়ৰ স্বপ্ন ভাঙিল নিউজিলেণ্ডৰ। প্ৰথমে বেটিং কৰি ২০ অভাৰ ৪ উইকটত ১৫২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে। খেলত অধিনায়ক কেন উইলিয়ামছনে ৪৬ আৰু ডাবিল মিচেলে ৫৩ ৰান সংগ্ৰহ কৰে। কিন্তু তাৰপিছতো পাকিস্তানৰ হাতত পৰাস্ত হ’ল নিউজিলেণ্ডৰ দলটো। নিউজিলেণ্ডে বান্ধি দিয়া ১৫৩ ৰানৰ টাৰ্গেট পাকিস্তানে ৫ টা বল বাকি থাকোতেই ৭ উইকেটত মেচখন জিকিবলৈ সক্ষম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ