অসম লাইভ ২৪ঃ চৰ্চাত টি-২০ বিশ্বকাপ। শেহতীয়াভাৱে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলখনে বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বতে। অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্যভাৱে জয়ী হৈ অহা ভাৰতীয় দলে মুখ-থেকেছা খালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। কিন্তু কি কাৰণত পৰাজয়ৰ সন্মুখীন হ’ব লগা হ’ল ভাৰতীয় দলটো….
ৰাহুলৰ দুৰ্বল বেটিং
দেওবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ৩০ নং খেলখনত ভাৰতে প্ৰথম বেট ধৰি ১৩৩ ৰাণ কৰি ইনিংছ সামৰে। দলটোৰ হৈ সূৰ্য কুমাৰ যাদৱৰ বাহিৰে কোনো এজন খেলুৱৈয়ে ২০ ৰাণ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। খেলখনত দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই ১৪ বলত ১৫ ৰান কৰা পৰিলক্ষিত হ’ল। বিপৰীতে পুনৰবাৰ ফ্ল’প শ্ব’ত পৰিণত হ’ল উপ-অধিনায়ক কে এল ৰাহুল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলখনত মাত্ৰ ৯ ৰান কৰিয়েই পেভিলিয়নমুখী হ’ল ক্ৰীড়া তাৰকাগৰাকীয়ে। নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলা খেলখনতো ৰান কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰতিভাৱান খেলুৱৈ কে এল ৰাহুল। এই বৰ্ষৰ টি-২০ বিশ্বকাপৰ ৩ খন খেলত মাত্ৰ ২২ ৰানহে কৰিবলৈ সক্ষম হৈছে কে এল ৰাহুল।
কোহলি-ৰোহিতৰ দুৰ্বল প্ৰদৰ্শন
নেডাৰলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰা কোহলি এইবাৰ ব্যৰ্থ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলিয়ে মাত্ৰ ১২ ৰান হে কৰিবলৈ সক্ষম হ’ল। অধিনায়ক ৰোহিত শৰ্মাও বিশেষ খেল দেখুৱাব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। মাত্ৰ ১৫ ৰানৰ বৰঙণি আগবঢ়াই ভাৰতীয় দলটোৰ প্ৰতি। প্ৰতিভাৱান বেটছমেন হাৰ্দিক পাণ্ডিয়া আৰু দীপক হুদাও বেছি সময় তিকি থাকিব নোৱাৰিলে খেলপথাৰত।
ফিল্ডিঙত গোলমাল
দ্বিতীয় ইংনিছত ভাৰতে প্ৰথম ৮-৯ অভাৰলৈকে ভাল খেল দেখুৱাই আছিল। এই সময়ছোৱাত অৰ্শ্বদ্বীপৰ অৱদানো আছিল উল্লেখ্যনীয়। ২ নং অভাৰত দক্ষিণ আফ্ৰিকাৰ দুজন বেটছমেনক আউট কৰি দলটোক দিছিল জয়ৰ আশা। কিন্তু আশা নিৰাশাত পৰিণত হ’ল ১২ অভাৰত। দক্ষিণ আফ্ৰিকাৰ এডেন মাৰ্কৰামৰ সহজ কেচ মিছ কৰিলে বিৰাট কোহলিয়ে। আনহাতে এইক্ষেত্ৰত পিছ পৰি নাথাকিল ৰোহিত শৰ্মাও। ১৩ অভাৰত এটা সহজ ৰান আউট কৰাৰ পৰা ব্যৰ্থ হ’ল ৰোহিত শৰ্মা। দুবাৰকৈ জীৱনদান পোৱা মাৰ্কৰামেই পিছলৈ বিপদত পেলাই দিয়ে ভাৰতীয় দলটোক। দক্ষিণ আফ্ৰিকা জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়ালে এডেন মাৰ্কৰামৰ ৫২ ৰানে।
অশ্বিনে দিলে ৪৩ ৰান
অফ স্পীনাৰ ৰবি চন্দ্ৰন অশ্বিনে মাত্ৰ ৪ অভাৰ বলিং কৰি ৪৩ ৰান দিলে দক্ষিণ আফ্ৰিকাক। প্ৰতিভাৱান খেলুৱৈ ৰবি চন্দ্ৰন অশ্বিনে বিশেষ প্ৰতিভা দেখুৱাব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। বিশেষকৈ ১৮ নং অভাৰত অশ্বিনৰ বলত ডেভিদ মিলাৰে মৰা দুটাকৈ ছিক্সাৰে বিজয় প্ৰায়নিশ্চিত কৰিলে দক্ষিণ আফ্ৰিকাৰ। অৱশেষত ১৯ অভাৰ ৪ বলত জয়ী হ’ল দক্ষিণ আফ্ৰিকা।
ৰক্ষাকৰ্তা সূৰ্য কুমাৰ যাদৱ
ভাৰতৰ প্ৰতি সূৰ্য কুমাৰ যাদৱৰ ৬৮ ৰান আছিল খেলখনত অতি গুৰুত্বপূৰ্ণ অৱদান। যি সময়ত প্ৰথম ইনিংছত বেট ধৰি ভাৰতৰ এজন এজন ক্ৰিকেটাৰ পকা আম সৰা যেন সৰি আছিল তেনে সময়তে খেলখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল সূৰ্য কুমাৰে। ৬টা বাউণ্ডেৰী আৰু ৩টা ছিক্স মাৰি খেলখন ধৰি ৰাখিবলৈ সক্ষম হৈছিল যাদৱ। কিন্তু দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ৱেন পাৰ্ণেলৰ বলত উইকেট হেৰুৱাবলগীয়া হ’ল সূৰ্য কুমাৰ যাদৱে।
অৱশ্যে এই পৰাজয়ে বিশ্বকাপত একো প্ৰভাৱ নেপেলাই বুলি একাংশই উল্লেখ কৰিছে। মাত্ৰ ভাৰতীয় খেলুৱৈসকলৰ ফৰ্ম ঘূৰাই আহিব লাগে বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেটপ্ৰেমী জনতাই। অনাগত খেলকেইখনত ভাৰতৰ উত্তম প্ৰদৰ্শন চাবলৈ আশাবাদী ক্ৰিকেটপ্ৰেমীসকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ