উত্তৰ-পূব দিল্লীৰ ভজনপুৰা অঞ্চলত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক পুনঃ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণীৰ মতে মাতৃৰ চিনাকি এজন ব্যক্তিয়ে ভাবুকি প্ৰদৰ্শন কৰি এই কাণ্ড সংঘটিত কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ছাত্ৰীগৰাকীক একেজন অভিযুক্তই দুবাৰকৈ ধৰ্ষণ কৰিছিল৷ প্ৰথমবাৰ হোলীৰ দিনা ধৰ্ষণ কৰা হৈছিল। ইয়াৰ পাছত যোৱা দেওবাৰে পুনৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি অভিযুক্তই ভুক্তভোগীৰ লগতে মাতৃকো হত্যাৰ ভাবুকি প্ৰদান কৰে।
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ধৰ্ষণৰ বলি হোৱাৰ কথা মাক-দেউতাকক অৱগত কৰে। ইয়াৰ পাছতে পৰিয়ালৰ লোকে আৰক্ষী থানাত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে ঘটনা সন্দৰ্ভত POCSO আৰু ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।
লগতে পঢ়ক মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে
ইফালে ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত পলাতক হৈ আছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷
আৰক্ষীৰ মতে, ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে পিতৃ-মাতৃৰ লগতে আন দুগৰাকী ভগ্নীৰে সৈতে ভজনপুৰা অঞ্চলত থাকে। অভিযোগ অনুসৰি হৈছে হোলীৰ দিনা ঘৰত ভুক্তভোগী ছাত্ৰীগৰাকী আৰু দেউতাক আছিল। কিবা এটা অজুহাত উলিয়াই অভিযুক্তই দেউতাকক বাহিৰলৈ পঠিয়াই ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে।
লগতে পঢ়ক ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো
ঘটনাৰ পিছতে অভিযুক্তই এই বিষয়ে কাৰোবাক অৱগত কৰিলেই ছাত্ৰীগৰাকীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ উক্ত ভাবুকিত শংকিত হৈ পৰিয়ালৰ লোকে আৰক্ষীৰ দ্বাৰস্থ হোৱাৰ পৰা বিৰত আছিল৷
কিন্তু যোৱা দেওবাৰে এই একেজন অভিযুক্তই পুনৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি আকৌ মৃত্যুৰ ভাবুকি প্ৰদান কৰিলেও এইবাৰ পৰিয়ালৰ লোকে সাহস কৰি আৰক্ষীৰ কাষ চাপে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ