অসম লাইভ ২৪ঃ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে ন্যায়াধীশ চন্দ্ৰচূড়ে। চন্দ্ৰচূড়ৰ বিচাৰপীঠে ১০.৪০ ঘণ্টাত মুঠ ৭৫ টা গোচৰৰ শুনানি দিয়ে। নিশা প্ৰায় ৯.১৫ বজালৈ ন্যাধ্যধীশ চন্দ্ৰচুড় আৰু ন্যায়্যধীশ হীমা কোহলিৰ বিচাৰপীঠে ভাঙে পূৰ্বৰ সকলো ৰেকৰ্ড।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলীয়ে শুক্ৰবাৰে গঢ়িছে এই বিশেষ অভিলেখ। ন্যায়াধীশ চন্দ্ৰচুড় আৰু হিমাৰ বিচাৰপীঠে নিশা প্ৰায় ৯.১৫ বজালৈকে ৭৫ টা গোচৰৰ শুনানি দিয়ে। সাধাৰণতে ন্যায়্যালয়ৰ এই প্ৰক্ৰিয়া আবেলি ৪-৫ বজাত সমাপ্ত হয়। আনহাতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু হিমা কোহলীৰ বিচাৰপীঠে দুৰ্গা পূজা অৰ্থাৎ বিজয়া দশমী বন্ধৰ ঠিক আগতেই নিশা ৯.১০ মিনিটলৈ আদালতৰ শুনানি দিয়ে।
গোচৰসমূহৰ শুনানি শেষ হোৱাৰ পিছতেই ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সকলো কৰ্মচাৰীক ধন্যবাদ জনায়। শুক্ৰবাৰে, বিচাৰপীঠে ১০ঘণ্টা ৪০ মিনিট ধৰি গোচৰবোৰৰ শুনানি দিয়ে। বিগত ১৬ আগষ্টত ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে সন্ধিয়া ৭.৪৫ বজালৈকে অৰ্থাৎ সন্ধিয়া ৬.৪৫ বজালৈকে শুনানি দিছিল।
উল্লেখ্য যে জুলাই মাহত বৰ্তমানৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে পৰীক্ষামূলক ভিত্তিত পুৱা ৯.৩০ বজাত আদালতৰ তালিকাভুক্ত গোচৰবোৰৰ শুনানিৰ কাম আৰম্ভ কৰিছিল। তেওঁ এই সম্পৰ্কে উদাহৰণো দিছিল। শিশুক উদাহৰণ হিচাপে লৈ তেওঁ কৈছিল,’শিশুৱে ৰাতিপুৱা সাত বজাত সাজু হৈ যদি বিদ্যালয়লৈ যাব পাৰে, আমি কিয় সোনকালে আদালতলৈ আহিব নোৱাৰো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ