Chupa Chupi: অসমীয়া ছবিৰ সুদিন ঘূৰি আহিছে। ‘ভাইমন দা’, ‘ৰঘূপতি’, ‘ৰুদ্ৰ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ সললোৰে হৃদয় জিনিছে ‘চুপা চুপি’য়ে। সম্পূৰ্ণ অসমীয়া ৰসৰ এই ছবিখন চাই দৰ্শকে কৈছে ‘Waoo’… এতিয়া অসমৰ প্ৰতিটো ছবিগৃহতে হাউছফুল। Book My Show ত টিকট বিচাৰি হাবাথুৰি খাইছে দৰ্শকে।
নতুন অসমীয়া ছবি ‘চুপা-চুপি’ক লৈ উৎসাহিত ৰাজ্যৰ নৱ প্ৰজন্ম। ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘৰ ছবি হিচাপে মুক্তি পোৱাৰ পিছত সৰ্বত্ৰ সমাদৰ লাভ কৰিছে। ১২ জুনত মুক্তি পোৱা এই ছবিখন এটলাছ ক্ৰিয়েশ্যন আৰু ডি জে এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই ছবিখন পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে, আনফালে ছবিখনৰ প্ৰযোজনা কৰিছে নৃপেন দাস আৰু হৃষিকেশ পাটগিৰিয়ে আৰু সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে।
ডেকাৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত কেৱল ‘চুপা চুপি’ৰ প্ৰসংগ। এই ছবিখনত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে পল্লৱ লোচন, স্নিগ্ধা গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাগিনী কৌশিক, কৌশিক ভাৰদ্বাজ, কিশোৰ তহবিলদাৰ, বৈভৱী, জিত কলিতা, সপ্তৰ্ষী গগৈ, বেদব্ৰত বৰা, জিণ্টু কুমাৰ কাশ্যপ আদিয়ে। পলাশ সূৰ্য গগৈৰ সংগীত পৰিচালনাত ছবিখনৰ গানকেইটাত কণ্ঠদান কৰিছে দীক্ষু, ৰূপম ভূঞা, নীল আকাশ, দীপান্বিতা ডেকা, আচুৰ্য বৰপাত্ৰগোহাঁই, বিশ্ৰুত শইকীয়া, সুদীপ ৰঞ্জন আদিয়ে। ‘চুপা চুপি’ৰ দৃ্শ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে আৰু সম্পাদনা কৰিছে উদীপ্ত কুমাৰ ভট্টাচাৰ্যই। এতিয়া ‘চুপা চুপি’য়ে বহুতো ডাঙৰ ডাঙৰ ছবিৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে।
এই লেখাটো যুগুতাইছে বৰষা মিশ্ৰই
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















