• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

48 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

6 minutes ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

4 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

4 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

6 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

7 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

7 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

8 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

8 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

8 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

9 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

editor by editor
September 26, 2026
in অসম, বিবিধ, লেখা, সমীক্ষণ (আলোচনী)
0
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
0
SHARES
5
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো এটা অনাকাংক্ষিত সংঘাত বা সংকটৰ সময়ত এটা প্ৰশ্নৰ অৱতাৰণা কৰে, যিটো মানুহৰ অৱচেতন মনত দুৱাৰ খুলি থাকে যদিও মুকলিকৈ সেই প্ৰশ্নটো সোধা নহয়। শেহতীয়াকৈ অসম-মেঘালয়ৰ মাজত সৃষ্টি হোৱা উত্তেজনা, যান-বাহনৰ চলাচলত দেখা দিয়া সংঘাত আৰু সীমান্তৰ দুয়োপাৰে পৰ্যটন তথা পৰ্যটন ব্যৱসায়ৰ ওপৰত পৰা প্ৰভাৱে অসমকো তেনে এটা প্ৰশ্নৰ সন্মুখীন কৰাইছে।

“আমি অসমক কেৱল আন ৰাজ্যৰ পৰ্যটক অহা-যোৱা কৰা এখন ঠাই হিচাপে ৰাখিম নে অসমকেই এনে এখন পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিম, য’ত পৰ্যটক আহিবলৈ আগ্ৰহী হয়?”

এই প্ৰশ্নটো মেঘালয়ৰ বিৰুদ্ধে নহয়, বৰং অসমৰ নিজৰ সম্ভাৱনাৰ পক্ষতহে। অসম-মেঘালয়ৰ সংঘাতৰ পাছত বহুতে সামাজিক মাধ্যমত মতামত ব্যক্ত কৰিছে—“অসমতো কাজিৰঙা, মাজুলী, শিৱসাগৰ, কামাখ্যা আদি আছে। আমি অসমৰ নিজৰ ঠাইবোৰলৈ পৰ্যটকক কিয় নানিম?” এই চৰ্চাই বহুতো আৱেগ উজাৰি আনিব পাৰে, কিন্তু ইয়াৰ ভিতৰতে অসমৰ পৰ্যটন অৰ্থনীতিৰ বাবেও এক ডাঙৰ সম্ভাৱনা লুকাই আছে।

অসমে অঞ্চলটোৰ ভিতৰত কিমান পৰ্যটকক আকৰ্ষণ কৰে? প্ৰথমে এটা ভুল ধাৰণা আঁতৰাব লাগিব। অসমত পৰ্যটকে ভৰি নিদিয়ে—এয়া সঁচা নহয়। অসম পৰ্যটন উন্নয়ন নিগমৰ তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত অসমলৈ ৭০,৪১,২০৬গৰাকী ঘৰুৱা পৰ্যটক আৰু ২৬,১২৯গৰাকী বিদেশী পৰ্যটক আহিছিল। ২০২২-২৩ বৰ্ষত মুঠ ঘৰুৱা পৰ্যটকৰ সংখ্যা আছিল ৯৮,১২,১৯৫গৰাকী। আনহাতে, ২০১৬-১৭ চনৰ পৰা ২০২৫-২৬ চনলৈ অসমলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ৬,০৪,৮৫,৬৩৮গৰাকী।

অৰ্থাৎ সমস্যা পৰ্যটকৰ সংখ্যা নথকাটো নহয়। মূল প্ৰশ্নটো হ’ল—এই পৰ্যটকসকলে অসমত কিমান সময় থাকে, কোন কোন ঠাইলৈ যায়, কিমান ধন খৰচ কৰে আৰু সেই ধনৰ কিমান অংশ স্থানীয় মানুহৰ হাতলৈ যায়?
আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল—অসমৰ কোনো পৰ্যটনক্ষেত্ৰলৈ বাহিৰৰ ৰাজ্য বা বিদেশৰ পৰ্যটকসকলে কিয় আহে? এজন বাহিৰৰ পৰ্যটক অসমলৈ আহিলে সাধাৰণতে প্ৰথমে কাজিৰঙা, তাৰ পাছত মাজুলী, শিৱসাগৰ, কামাখ্যা আদি নামকেইটা জানে, শুনে বা ভ্ৰমণ কৰে। এই স্থানসমূহ অসমৰ গৌৰৱ, কিন্তু অসম ইয়াতেই শেষ নহয়। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী, ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ জীৱন, মায়ঙৰ লোকবিশ্বাস, শিৱসাগৰৰ ঐতিহাসিক স্থাপত্য, হাফলঙৰ পাহাৰীয়া সৌন্দৰ্য, জাতিংগাৰ বিস্ময়, কাৰ্বি পাহাৰৰ জলপ্ৰপাত, চৰাইদেউৰ মৈদাম, মানস, পবিতৰা, ডিব্ৰু-ছৈখোৱা, চন্দ্ৰপুৰ-আমবাৰী অঞ্চলৰ বনাঞ্চল, নদী-পাহাৰ, চাহ বাগিচাৰ জীৱন, বাৰেৰহণীয়া সংস্কৃতি, শুৱালকুছিৰ পাট-মুগা, সৰলপাৰা, বগামাটি, অভয়াপুৰী, ধুবুৰীৰ টেৰাকোটা গাঁও আদি মিলি অসমত এক বৃহৎ Tourism Ecosystem গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে।

কিন্তু আমাৰ বিপণনৰ সমস্যা ক’ত?

আমি অসমক এটা Destination হিচাপে বিপণন কৰিব পৰা নাই; আমি Tourist Spot হিচাপেহে বিক্ৰী কৰি আহিছোঁ। যেনে কাজিৰঙা এটা Destination, কিন্তু সমগ্ৰ অসম নিজেই এটা Destination হ’ব পাৰে।

মেঘালয়ৰ অভিজ্ঞতাই আমাক কি শিকালে?

মেঘালয়ৰ পৰ্যটনৰ শক্তি কেৱল পাহাৰ বা জলপ্ৰপাতত নাই। মেঘালয়ে পৰ্যটকক এটা সম্পূৰ্ণ অভিজ্ঞতা বিক্ৰী কৰে। পৰ্যটকে তাত কেৱল পাহাৰ চাবলৈ নাযায়; স্থানীয় জীৱনশৈলী, খাদ্য, সংগীত, সংস্কৃতি, ৰিজৰ্ট, প্ৰাকৃতিক সৌন্দৰ্য—সকলো একেলগে অনুভৱ কৰে। এইটোৱেই আধুনিক পৰ্যটনৰ শক্তি।

অসমে এই অভিজ্ঞতাৰ পৰাই শিকিব পাৰে

কাজিৰঙা ভ্ৰমণৰ পৰিৱৰ্তে “Experience Assam” পেকেজ হ’ব পাৰে। য’ত এজন পৰ্যটকৰ বাবে সম্পূৰ্ণ অভিজ্ঞতাৰ তালিকা থাকিব—তিনিদিন বন্যপ্ৰাণী ভ্ৰমণ, তিনিদিন আহোম স্থাপত্য ভ্ৰমণ, দুদিন ব্ৰহ্মপুত্ৰৰ বুকুৰে নৌকা ভ্ৰমণ, দুদিন চাহ বাগিচাত নিশা যাপন আৰু তিনিদিন অসমৰ পাহাৰীয়া সৌন্দৰ্য উপভোগ।
অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট স্থান নহয়, “অসম” বুলিয়েই এটা নিৰ্দিষ্ট অভিজ্ঞতা সৃষ্টি কৰিব লাগিব।
অসমৰ আটাইতকৈ ডাঙৰ সম্পদ অসমৰ মানুহ। পৰ্যটন মানে কেৱল হোটেল, ৰাস্তা আৰু প্ৰাকৃতিক সৌন্দৰ্য নহয়। এজন পৰ্যটকে যদি এখন গাঁৱত নিশা কটায়, তেন্তে সেই পৰিয়ালটোৰ উপাৰ্জন হয়। স্থানীয় খাদ্য খালে কৃষক, মৎস্যজীৱী, মহিলা আত্মসহায়ক গোট আদি বহু লোক লাভান্বিত হয়। সেইবাবেই আধুনিক পৰ্যটনৰ মূল মন্ত্ৰ হ’ব লাগে—“Tourism should not merely bring tourists, it should distribute income.” অৰ্থাৎ পৰ্যটন কেৱল পৰ্যটক আনিবলৈ নহয়; পৰ্যটনৰ পৰা সৃষ্টি হোৱা আয় সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজলৈ বিতৰণ হ’ব লাগিব।

এই ক্ষেত্ৰত অসমৰ চৰকাৰৰ ‘আমাৰ আলহী’ আঁচনিখনো গুৰুত্বপূৰ্ণ। কিন্তু আঁচনিৰ লগতে চৰকাৰৰ আন কিছু দায়িত্বও আছে। গাঁৱৰ মানুহক প্ৰশিক্ষণ দিব লাগিব, ডিজিটেল মাৰ্কেটিং শিকাব লাগিব, হিন্দী আৰু ইংৰাজী ভাষাৰ ন্যূনতম জ্ঞান দিব লাগিব। কাৰণ এখন গাঁৱৰ এজন ব্যক্তি যদি এজন পৰ্যটকৰ Host হিচাপে থিয় হয়, তেন্তে তেওঁ কেৱল নিজৰ ঘৰখনকেই নহয়, সমগ্ৰ অসমকেই প্ৰতিনিধিত্ব কৰে।

এই ক্ষেত্ৰত চৰকাৰে অধিক অংশীদাৰিত্বভিত্তিক Tourism Ecosystem গঢ়ি তুলিব পাৰে। পৰ্যটন আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে Travel Agency, Tour Operator, Hotel, Resort, Homestayৰ স্বত্বাধিকাৰী আৰু পৰ্যটনক্ষেত্ৰৰ স্থানীয় ব্যক্তিসকলক ব্যৱসায়িকভাৱে কেনেদৰে আগবাঢ়িব পাৰি, সেই বিষয়ে প্ৰশিক্ষণ দিয়াটো প্ৰয়োজনীয়।

শেষত এটা কথা ক’ব পাৰি—পৰ্যটন মানে কেৱল এখন ঠাইলৈ ফুৰিবলৈ যোৱা নহয়। পৰ্যটন হৈছে এজন পৰ্যটকৰ জৰিয়তে নিজৰ মাটি, নিজৰ সংস্কৃতি আৰু নিজৰ পৰিচয়ক নতুনকৈ মূল্য দিবলৈ শিকা।
অসমবাসীয়েও নতুনকৈ চিন্তা কৰিব লাগিব।
“Welcome to Assam — Experience the Unexpected.”

                                                                                                                            (লেখক- নৃপেন দাস)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
Next Post
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ'ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.