মুখ্যমন্ত্ৰীৰ ঘোষণা- নিৰ্বাচনৰ পাছতে আহিব ইউনিফৰ্ম চিভিল কোড, বন্ধ হ’ব বহু বিবাহ আৰু…
আজি ২৯ মাৰ্চ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰে। নিৰ্বাচনৰ পাছতে অসমত প্ৰযোজ্য কৰা হ’ব ইউনিফৰ্ম চিভিল কোড। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত এই আইনৰ দিশত পদক্ষেপ লোৱা অসম হ’ব তৃতীয়খন ৰাজ্য।
অসম ৰাজ্যৰ মন্ত্ৰীসভাই একেধৰণৰ নাগৰিক সংহিতা আৰু বহুবিবাহৰ বিষয়ে আলোচনা কৰি দুয়োটা বিষয়ক একত্ৰিত কৰি এক “শক্তিশালী আইন” প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনা অনুসৰিয়েই নিৰ্বাচনৰ পাছতে অনা হ’ব এই ইউ চি চি আইন।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ মাজভাগত উত্তৰ ভাৰতৰ উত্তৰাখণ্ডে এই নাগৰিক সংহিতাৰ ওপৰত আইন প্ৰণয়ন কৰি প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল, তাৰ পাছতে গুজৰাটতো অনা হৈছিল এই আইন। এইবাৰ অসমতো প্ৰযোজ্য হ’ব এই আইন।
এই আইন প্ৰণয়ন হলে বহু বিবাহ বন্ধ কৰা হ’ব। বহুবিবাহক অপৰাধ বুলি গণ্য কৰা হ’ব, লগতে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, দত্তক লোৱাৰ দৰে ব্যক্তিগত বিষয়ৰ সৈতেও মোকাবিলা কৰাত ধৰ্মৰ ওপৰত ভিত্তি নকৰাকৈ এক সাধাৰণ আইন হিচাপে এই ইউ চি চি অনা হ’ব।
ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত এই ইউনিফৰ্ম চিভিল কোড তথা অভিন্ন দেৱানী বিধিৰ বিষয়ে উল্লেখ আছে। যি ৰাজ্যিৰ নিৰ্দেশনামূলক নীতিৰ অংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















