• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
article

The Unwanted Last Lession

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

The Unwanted Last Lession

editor by editor
November 30, 2021
in অসম, গুৱাহাটী, ভাৰত, লেখা
0
article
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                                                                          The Unwanted Last Lession

ছাইদুল ইছলাম

লেখকৰ ফোন নংঃ ৮৬৩৮০০০৭৮৯

এটা জাতিলৈ আহিব পৰা আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানবোৰৰ সকলোখিনিয়েই অসমীয়া জাতিটোৱে সন্মুখীন হৈছে৷ ৰাজনৈতিক অধিকাৰ সংকুচিত হৈ আহিছে৷ অৰ্থনৈতিক ক্ষমতাও সীমিত৷ সংস্কৃতিৰ ওপৰতো এহেজাৰ এটা আপদ নামিছে৷ যেন অসমীয়া জাতিটো এটা ডবা, যাৰ যেনেকৈ মন যায় বজাই গৈছে৷ প্ৰতিৰোধৰ নামত চৌদিশৰপৰা প্ৰতিক্ৰিয়া আহে৷ হাতৰ টিপতে ফেচবুকত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জোৱাৰ নামে, জনমত গঠনৰো চেষ্টা চলে৷ মন গ’লে কেতিয়াবা হাবিৰপৰা পৰেশ বৰুৱাই মাত দিয়ে৷ প্ৰেছ বিজ্ঞপ্তিৰ প্ৰতিযেগিতা চলে৷ ৰাজনৈতিক দলবোৰৰ মাজত কোনে কিমান সমৰ্থন গোটাব পাৰে তাৰেই সুবিধাজনক ৰাজনীতি চলে৷ ছাত্ৰ সংগঠন, জাতীয় সংগঠনবোৰে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবাদ, আন্দোলন আদি বেয়াপোৱা বোৰেও জাতিৰ সংকটৰ কথাৰে নিজৰ স্থিতি দোহাৰে৷ কিছুদিন এনেদৰেই পাৰ হয়, তাৰপিচত সকলোৱে বেলেগ বেলেগ কথাত ব্যস্ত হয়৷ এনেদৰেই চলি আহিছে৷ সকলো চলি আছে নিৰবধি, পিছে জাতিটোৰ গতিটোহে মসৃণ নহয়৷ আজিৰ দিনত ৰাজনৈতিক দলবোৰৰ মাজত বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে অসমীয়া জাতি বা ভাষাক লৈ বৰ দিগদাৰিত পৰে৷ অসমীয়া ভাষাৰ পক্ষত সজোৰে কথা ক’বলৈ সংকোচ কৰে, কিজানিবা আনটো পক্ষই বেয়া পায়৷ এনেদৰেই কিমান দিনলৈ সুৰক্ষিত হ’ব এটা জাতি, ভাষা আৰু সংস্কৃতি? তাতে একোটা ক্ষুদ্ৰ আৰু প্ৰান্তীয় জাতিসত্তাৰ প্ৰতি ৰাষ্ট্ৰৰ গুৰুত্ব আৰু দায়িত্বৰ পৰিমাণটোও আমি বুজো৷ এই কেইদিনত অসমীয়া ভাষা সম্পৰ্কীয় ক্ৰিয়া-প্ৰতিক্ৰিয়া, ঘটনা-পৰিঘটনাবোৰৰ চাৰিটা দিশে মনবোৰ সেমেকাই তুলিছে৷ এই ঘটনাক্ৰমে চাৰিটা দিশ প্ৰতিনিধিত্ব কৰে আৰু এই দিশবোৰে জাতি আৰু ভাষাটোক কিদৰে দুৰ্বল কৰিব পাৰে তাক নতুনকৈ নক’লেও হ’ব নিশ্চয়৷ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ আমি সন্দিহান হোৱাৰ কাৰণো এয়াই৷ মই দেখা বিপদ কেইটা এনেধৰণৰঃ ১৷ অসমীয়া ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে দিনে কমি আহিছে, ২) ভাষাটোৰ প্ৰতি বহুতৰ যেন হীনমন্যতা আছে ৩) ভাষাটোৰ মাজত অধিকভাৱে আৰু সম্পূৰ্ণ অদৰকাৰীভাবে আন ভাষাৰ শব্দই স্থান পাব ধৰিছে আৰু ৪) অসমীয়া আৰু বাংলা ভাষাৰ মাজত প্ৰতিষ্ঠাৰ যুঁজখনত চৰকাৰ আৰু ৰাজনৈতিক দলবোৰে ৰাজনৈতিক স্থিতি গ্ৰহনৰ লগতে ভাষাটোক লৈ চৰকাৰ-বিৰোধীৰ ৰাজনৈতিক উদাসীনতা৷ সাম্প্ৰতিক অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণবোৰ মূলতঃ এই কেইটাই বুলি মই বিশ্বাস কৰো৷

এতিয়া আহো অলপ পৰিসংখ্যাৰ কথালৈ৷ ভাৰতৰ লোকপিয়লৰ তথ্যবোৰৰ মতে অসমত অসমীয়া ভাষীলোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল আছিল ১৮.৯ আৰু আটাইকেইটা  ভাষা ব্যৱহাৰকাৰী লোকৰ বৃদ্ধিৰ হাৰ সমানুপাতিক বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়া ভাষী লোকৰ সংখ্যা হ’ব লাগে  (হেজাৰত) ১৫,৪২০জন৷ কিন্তু ২০০১ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষী লোকৰ সংখ্যা (হাজাৰত) ১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১চনৰ পিয়লৰ অনুসাৰে  ২০০১ চনত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া ভাষাৰ পৰা আঁতৰি গ’ল৷ ১৯৯১ চনৰ পৰা ২০০১চনৰ সময়ছোৱাত অসমৰ প্ৰতি দহহেজাৰ লোকৰ ভিতৰত অসমীয়া ভাষী লোকৰ সংখ্যা ৮৩৭ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৬২৪ বৃদ্ধি পাইছে, একেদৰে হিন্দীভাষী লোকৰ সংখ্যা ১৩৫, নেপালী ভাষী  লোকৰ সংখ্যা ২২৷ পৰিসংখ্যা অনুসৰি ১৯৯১ চনৰ লোকপিয়লত অসমত অসমীয়া ভাষী লোকৰ সংখ্যা আছিল ৫৭.৮১ শতাংশ৷ ২০০১ চনৰ লোকপিয়লত ই হ্রাস পাই ৪৮.৮০ শতাংশ হ’লগৈ৷ শেহতীয়া পিয়লৰ তথ্য মতে হোৱাৰ পাছত ২০১১ চনৰ লোক পিয়লত এই সংখ্যা হ’লগৈ ৪৮.৩৮ শতাংশ৷ নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও আদি জিলাতো লাখ লাখ লোকে মাতৃভাষা সলাইছে৷ বাংলাভাষী মানুহৰ জনসংখ্যা বৃদ্ধিৰ আঁৰত অনুপ্ৰৱেশ এক কাৰক বুলি বহুতেই কয়৷ তাৰোপৰি নামনি অসমৰ আন একাংশই নতুনকৈ নিজকে মিঞা বুলি পৰিচয় দি নিজৰ মাতৃভাষা বাংলা বুলি লোকপিয়লত লিখিব ধৰিছে৷ তথ্যমতে ১৯৯১ চনৰ লোকপিয়লত অসমত বাংলাভাষী লোকৰ সংখ্যা আছিল ২১.৬৭ শতাংশ, ২০০১ চনত এই সংখ্যা ২৭.৫৪ শতাংশ  আৰু ২০১১ চনত হ’লগৈ ২৮.৯২ শতাংশ৷ ২০০১ চনৰ লোকপিয়লত ৰাজ্যখনত হিন্দীভাষী লোকৰ সংখ্যা ৫.৮৯ শতাংশ আছিল যদিও ২০১১ চনত এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬.৭৩ শতাংশ৷ একেবোৰ লোকপিয়লৰ তথ্যমতেই ক্ৰমাৎ একেদৰেই হ্রাস পাইছে জনজাতীয় ভাষীলোকৰ জনসংখ্যাও৷ ১৯৯১ চনৰ লোকপিয়লত অসমত বড়োভাষী জনসংখ্যা আছিল ৫.২৮ শতাংশ৷ পিছে ২০০১ চনত অসমত বড়োভাষী লোকৰ সংখ্যা হ’লগৈ ৪.৮৬ শতাংশ আৰু ২০১১ চনত লোকপিয়লত এই সংখ্যা আৰু হ্ৰাস পায় হ’লগৈ ৪.৫৩ শতাংশ৷ আনহাতে ১৯৯১ চনত ৰাভাভাষী লোকৰ সংখ্যা আছিল ১,৩৯,৫৬৫ জন, ২০০১ চনত এই সংখ্যা বৃদ্ধি পাই ১৬৪৭৭০ জন হৈছিল যদিও ২০১১ চনত হ্ৰাস পাই ১,৩৯,৯৮৬ জন হ’ল৷ এনে পৰিসংখ্যাই যি কথা কয়, তাৰ পাছতো কিদৰে কওঁ সকলো ঠিকে আছে বুলি? পৰিসংখ্যাই মিছা নকয়৷ ঐতিহাসিকভাৱে অসমীয়া ভাষাটোৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ আহিছে বাংলাভাষা৷ যিকোনো ভাষাৰ প্ৰতি মই অত্যন্ত শ্ৰদ্ধাশীল আৰু সংবেদনশীল৷ প্ৰতিদ্বন্দ্বী শব্দটো ব্যৱহাৰ এইবাবেই কৰিছো যে আমি নিজৰ ৰাজ্যখনতে দুবাৰ কৈ ভাষাটো হেৰুৱাইছো, সংগ্ৰামৰ মাজেদি ভাষাটোক যথাস্থানত বহুৱাইছিল নিজতকৈ ভাষাটোক ভালপোৱা মনিষীয়ে৷ কিন্তু ক্ৰমাৎ অসমীয়া যেন অসমতে এলাগী হ’বলৈ গৈ আছে, শেহতীয়া কৰ্মকাণ্ডই তেনেকৈ ভাবিবলৈ বাধ্য কৰে৷ বৰাকত এখন অসমীয়া ভাষাৰ হৰ্ডিং সহ্য কৰিব নোৱাৰা পৰিৱেশ হ’ল৷ অসমীয়া হৰ্ডিঙত ক’লা ৰং সনা হ’ল৷ ই বিক্ষিপ্ত ঘটনা নহয়, বৰং অসমীয়া ভাষাটোৰ প্ৰতি সংগঠিত আৰু পৰিকল্পিত আগ্ৰাসন আৰু ক্ষোভৰ মুক্ত প্ৰকাশ৷ এইবাৰ তাতকৈও আচহুৱা ঘটনা৷ বহু বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ে বৰাকৰ এখন অসমীয়া হৰ্ডিং আঁতৰাবলৈ সময়সীমা বান্ধি দিলে৷ ইফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই APSCত অসমীয়া ভাষা বাধ্যতামূলক নহয় বুলি সিদ্ধান্ত লোৱাৰ দিনাই অসমতে থকা অসমীয়া ভাষাৰ হৰ্ডিংখন আঁতৰাবলৈ সময়সীমা দিয়া ৪৮ ঘণ্টা নৌহোতেই বৰং মাত্ৰ ২৪ ঘণ্টাতে কৰ্তৃপক্ষই এই কাম ফেৰা কৰি পেলালে। অসমতে এলাগী হ’ল অসমীয়া ভাষা, বৰাকত আঁতৰোৱা হ’ল অসমীয়া ভাষাৰ বেনাৰ৷ বঙালী নেতাৰ ভাবুকিত পেট্ৰ’ল পাম্পটোৰ পৰা প্ৰশাসনে ফালিলে প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত কোভিড সম্পৰ্কীয় বিজ্ঞাপন৷ আমাৰ প্ৰশ্ন- বৰাক উপত্যকা অসমৰ নহয় নেকি? যদি হয়, তাত কিয় নিষিদ্ধ অসমীয়া ভাষা৷ সাধাৰণ এটা ফেচবুক পোষ্ট চৰকাৰৰ ৰোষত পৰাকৈ দিলেও লগে লগে জে’ললৈ নিয়া প্ৰশাসনে কিয় প্ৰদীপ দত্ত ৰয়ক ইমান দিনে মুকলিলৈ থৈছিল? প্ৰদীপ দত্ত ৰয়ৰ দৰে ব্যক্তিৰ বিপক্ষে বৰাকত কিয় প্ৰতিবাদ নহয়? মৌনতাই সন্মতিৰ লক্ষণ নেকি? অসমীয়া ভাষা ক্ৰমাৎ সংখ্যালঘু হ’বলৈ ধৰিছে৷ সৌ সিদিনা মিঞা পৰিচয় বিচাৰি অসমীয়াক জেনোফ’বিক সজোৱা ‘কবিতা’ লিখাসকলৰ লগতে কলিকতীয়া বুদ্ধিজীৱী আৰু বৰাকৰ প্ৰদীপ দত্ত ৰয়ৰ দৰে মানুহবোৰে অদুৰ ভৱিষ্যতত অসমীয়া ভাষাক কক্ষচ্যুত কৰিবলৈ প্ৰয়াস কৰা নাই বুলি কোন সতে ভাবো?

এতিয়া আহো অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ বিষয়টো লৈ৷ পোনতে কৈ থওঁ মই জনজাতীয় ভূমিপুত্ৰ সকলৰ ভাষাবোৰে আনুষ্ঠানিক আৰু চৰকাৰী পৃষ্ঠপোষকতা পোৱাটো মনে প্ৰাণে বিচাৰো৷ অসমীয়া যদি বৰলুইত, এই জনজাতীয় ভাষা ইয়াৰ নৈ-উপনৈ৷ পৰস্পৰে ইটোৰ পৰা সিটো বিচ্ছিন্ন হ’লেই বিপদ গৈ মহাবিপদ হ’বগৈ৷ সেয়ে APSCত জনজাতীয় ভাষাৰ কাকত থকাটো উচিত বুলি গণ্য কৰো৷ কিন্ত অসমীয়া যিহেতু অসমৰ প্ৰধান আৰু সংযোগী ভাষা, সেয়ে অসমীয়া ভাষাটোৰ প্ৰতি অনীহা কাৰো থাকিব নালাগে৷ শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰাই দিয়া সম্পৰ্কত যিবোৰ যুক্তি দিছে তাক মানি ল’ব নোৱাৰি৷ এই সিদ্ধান্তৰ পক্ষত থকাসকলে যুক্তি দিছে অসম লোকসেৱা আয়োগত অসমীয়া ভাষা বা অসমীয়া মাধ্যম পূৰ্বৰ দৰেই আছে। তেওঁলোকৰ মতে কেৱল ভাষা যোগ্যতাৰ ৩০ নম্বৰহে উঠাই দিয়া হৈছে৷ যিটো ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰযোজ্য আছিল। পূৰ্বপ্ৰচলিত এই বাধ্যবাধকতাৰ বাবে অভিভাৱকৰ কৰ্মসূত্ৰে বাহিৰত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলেই বিশেষকৈ এই অসুবিধাৰ সন্মুখীন হৈছিল৷ আনকি তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বুলি যুক্তি দিছে৷ শেহতীয়া সিদ্ধান্ত হ’ল অসমীয়া ভাষাৰ সমান্তৰালকৈ অসমৰ সহযোগী তথা জনগোষ্ঠীয়  ভাষাক চৰকাৰে শক্তিশালী কৰাৰ এক অন্যতম পদক্ষেপ বুলি দাবী কৰিছে৷  আমাৰ প্ৰশ্ন- অসমতেই যদি অসমীয়া বাধ্যতামূলক নহয়, ক’ত হব? সহযোগী ভাষা বোলোতে হিন্দী আৰু বাংলাৰ কথাও আহিব৷ তেনেক্ষেত্ৰত প্ৰশ্ন হ’ল যিখন চৰকাৰে চিকিৎসা বিজ্ঞান আৰু আভিযান্ত্ৰিক পাঠ্যক্ৰম অসমীয়া ভাষাত বা মাধ্যমত পঢ়ুৱাব বুলি সপোন দেখুৱাই, তেনে চৰকাৰ খনে কিয় অসমীয়া ভাষাটোক অন্ততঃ APSCত বাধ্যতামূলক কৰি নাৰাখিলে? যদি কোনোবাই অসমীয়া ভাষাটো আয়ত্ত নকৰাকৈ লোকসেৱা আয়োগৰ অসামৰিক বিষয়া হ’ব খোজে, তাক লৈ চৰকাৰে মূৰ ঘমাব লাগেনো কিয়? এইকৰ্মই অসমত অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক বিশেষকৈ সাধাৰণ পৰীক্ষাৰ্থীক ক্ষতি কৰিব৷ অসমীয়া মাধ্যমৰ প্ৰতি অনীহাক মজবুট কৰিব৷ ভাষাটোক এনেদৰে বিভিন্ন দিশৰ আগ্ৰাসনৰ পিচতো নিজৰ মানুহেই দানহ হৈ পৰাৰ দৰেই হ’বগৈ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশৰ আদালতত অসমীয়া ভাষাৰ যোগ্যতা মূলক কাকতখনৰ বিৰুদ্ধে কৰা গোচৰ কেইটাৰ শুনানিৰ দিন আছিল৷ চৰকাৰৰ হাতত বহু যুক্তি মজুত আছিল৷ অসমৰ ৰাজ্য ভাষাটেৱেই যদি আয়ত্ব নকৰে তেন্তে তেওঁ ৰাইজৰ মাজলৈ প্ৰশাসন বা চৰকাৰক নিব কিদৰে৷ চৰকাৰে কেৱল ৰাজনৈতিক কাৰণতেই কাকতখনেই প্ৰত্যাহাৰ কৰি দিলে, প্ৰতিৰোধটো বাদেই দিয়ক, গতিৰোধেই নকৰিলে৷ এনে কথাবোৰ কৈ থাকিব পাৰিম, কিন্তু ই অৰণ্যৰোদনহে নহ’বগৈনে? এতিয়া আহো নিজৰ পক্ষলৈ, নিজৰ পক্ষমানে আমি সাধাৰণ নাগৰিকৰ কথাই কৈছো৷ চৰকাৰে কৰিব পাৰে, নকৰে৷ বহিঃশত্ৰু সদায় সুযোগৰ সন্ধানত কিন্তু আমি? আমি নিজেও এবাৰ চিকুটি চাবৰ হ’ল৷ অসমীয়া মাধ্যমৰ প্ৰতি অসমীয়া মধ্যবিত্তৰ অনীহাই ভয়াৱহৰূপ লৈছে৷ বহুতৰ আকৌ এখোপ চৰা৷ ইংৰাজী মাধ্যমৰ প্ৰতি অহেতুক আকৰ্ষণে সীমা অতিক্ৰম  কৰিছে৷ বহুতেই আকৌ অহংকাৰী সুৰতেই নিজৰ সন্তানে কিদৰে অসমীয়া ক’ব নাজানে, গণিব নাজানে বুলি গপত ওফন্দি ফুৰে যেন সেয়া তেওঁৰ সন্তান নহৈ এফ এম ৰেডিঅ’ৰ আৰ জে হে৷ গুৱাহাটী বা তেনে চহৰবোৰৰ অলিয়ে-গলিয়ে বহুতেই এতিয়া কোৱাটো যেন ফেশ্বন হৈ পৰিছে৷ তাৰ মাজতো বহু ব্যতিক্ৰম আছে৷ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত দৰাচলতে অসমীয়া ভাষা আৰু বিষয়টোক যথাযোগ্য গুৰুত্ব দিয়া নহয়, ই নিৰ্মম বাস্তৱ৷ তাক লৈ অভিভাৱকসকলৰ চিন্তা নাই, নিজৰ সন্তানে ইংৰাজী কোৱাটোতহে গৌৰৱৰ থল দেখাসকলৰ বাবে এনে বহু উদাহৰণ আছে যিয়ে প্ৰমান কৰে মাতৃভাষা মাধ্যমত শিক্ষালৈও কিদৰে বিশ্বৰ বুকুত দেশ আৰু জাতিৰ মান উজলাইছে৷ মোৰ দৃষ্টিত মাধ্যম যিয়েই নহ’লেও মানুহে মাতৃভাষাৰ প্ৰতি টান এৰিব নালাগে, শিপাৰ পৰা বিচ্ছিন্ন হ’ব নালাগে৷ আনটো ভয়ানক দিশ হ’ল অসমীয়া ভাষাটোত হোৱা প্ৰদূষণ৷ হকে-বিহকে এপাচিমান অদৰকাৰী হিন্দী বা ইংৰাজী শব্দৰ সংযোজনে ভাষাটোক বিনষ্ট কৰিছে৷ ই চিন্তনীয় কথা৷ এই গতিধাৰা চলি থাকিলে জাতি আৰু ভাষাৰ অস্তিত্ব আমি নিজেই বিপন্ন কৰাহে হ’বগৈ৷

শেষত কওঁ আমি সংঘাট নিবিচাৰো, বহু সাংস্কৃতিক ৰাজ্য অসমত সকলোৱেই সহাৱস্থান কৰিব লাগিব৷ কিন্তু আমি নিজক চিনিবৰ হ’ল৷ উদাৰতা মহৎ গুণ যদিও জাতিটো শেষ ৰক্ষা হ’বলৈ হ’লে আমি উদাৰ হোৱাৰ লগতে সচেতনো হ’ব লাগিব৷ নহ’লে এদিন হাইস্কুলীয়া দিনত পঢ়া এম হেমেলৰ বিখ্যাত ‘The Last Lession’ পঢ়িবলৈ আমিও সাজু থাকিব লাগিব৷ নিজৰ গাত চিকুটি নাচালে হয়তো সেই শেষ পাঠ পঢ়িবলৈ আৰু বেছিতকৈ বেছি পঞ্চাছ বছৰমানহে লাগিব৷

See More

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoi motherasom live 24assam ka tazza khabarassam live 24axom live 24the unwanted last lession
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
parag agarwal

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত অব্যাহত আছে ভাৰতীয় সন্তানৰ দপদপনি, এইবাৰ Twitterৰ CEO হিচাপে ভাৰতীয় সন্তান

banner-of-assamese-language-has-been-hung-up

বৰাকত পুনৰ ওলমিল অসমীয়া ভাষাৰ হৰ্ডিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.