ভাৰতীয় দম্পত্তিৰ মাজত বৃদ্ধি পাইছে বন্ধাত্বৰ হাৰ৷ সম্প্ৰতি এক পৰিসংখ্যাত পোৱা তথ্য অনুসৰি ভাৰতৰ প্ৰায় ২৭.৫ মিলিয়ন দম্পতি বন্ধ্যাত্বৰ চিকাৰ হৈছে৷ ১০ৰ পৰা ১৫শতাংশ বিবাহিত দম্পত্তিয়ে এই সমস্যাত ভূগিছে৷ কিন্তু কিয় বাঢ়িছে এই সমস্যা?
মূলত অনিয়মিত জীৱন যাত্ৰা, অতিৰিক্ত জাংক ফুড খোৱা, এলকহ’ল বা মদ্যপান কৰাৰ ফলতেই এই সমূহ সমস্যাই দেখা দিছে৷ মহিলাসকলৰ মাজত পলিছিষ্টিক অভেৰী চিনড্ৰোম, এণ্ডমেট্ৰিঅ’চিছ, ব্লক ফেলপিয়ান টিউব থাকিলে সন্তান অহাত বাধা আহে৷ সন্তান নোহোৱাৰ লক্ষণসমূহৰ মাজত হৈছে অনিয়মিত পিৰিয়ড, হৰমনৰ ভাৰসাম্যহীনতা৷
পুৰষসকলৰ মাজত কম শুক্ৰাণুৰ সংখ্যা, দুৰ্বল শুক্ৰাণু, বীৰ্যপাতৰ সমস্যা সন্তানৰ জন্ম নোহোৱাৰ অন্যতম কাৰণ হৈ উঠিছে৷ পুৰুষৰ মাজত ধূমপান, মদ্যপান, ছুগাৰ অথৱা প্ৰেছাৰ থাকিলেও এই সমস্যাই দেখা দিয়ে৷ মূলত ৪০ শতাংশ মহিলাজনিত কাৰণ আৰু ৪০ শতাংশ পুৰুষজনিত কাৰণত এই সমস্যাই দেখা দিব পাৰে৷
এই সমস্যাৰ সৈতে মোকাবিলা কেনেকৈ কৰিব?
মূলত পুষ্টিকৰ খাদ্য, প্ৰতিদিনে এক নিৰ্দিষ্ট ব্যায়ামৰ মাধ্যমেৰে মানসিক অৱসাদ কমালেই এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ৷ ইয়াৰোপৰি প্ৰতিদিনে অন্তত ৮ঘণ্টা টোপনীৰ খুবেই প্ৰয়োজন৷ অন্ধকাৰত মস্কিষ্কৰ পৰা নিঃসৃত হয় মেলাটোনিন নামৰ এবিধ হৰমন যিয়ে সঠিকভাৱে নিঃসৃত নহ’লে বন্ধ্যাত্বৰ সমস্যা হ’ব পাৰে৷
চিকিৎসা পদ্ধতি
মহিলাসকলৰ বন্ধ্যাত্বঃ মহিলাৰ বন্ধ্যাত্বৰ বাবে এগ ফাৰ্টিলাইজেশ্ব্যন পৰীক্ষা, হিষ্টোৰোছলপোগ্ৰাফি, হৰমন পৰীক্ষা কৰা হয়৷ ইয়াৰোপৰি জৰায়ুৰ সমস্যা আছে নেকি সেই পৰীক্ষা কৰাৰ বাবেও চিকিৎসকে লেপৰস্কপি কৰাৰ পৰামৰ্শ দিয়ে৷
পুৰুষৰ বন্ধ্যাত্বঃ পুৰুষৰ ক্ষেত্ৰত জেনেটিক টেষ্ট, বীৰ্য পৰীক্ষা, টেষ্টিকুলাৰ বায়পছি, স্ক্ৰোটেল আল্ট্ৰাছাউণ্ড কৰা হয়৷ সমস্ত পৰীক্ষাৰ পাছত যদি সন্তান অহাত অসুবিধা আহে তেন্তে আইভিএফ পদ্ধতিত সন্তান অনাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ