আপুনি ঘৰত টাব থৈছে? টাবত থকা গছসমূহ হঠাতে শুকাবলৈ আৰম্ভ কৰিছে৷ ইলেকট্ৰিক লাইট আৰু অন্য বৈদ্যুতিন সৰঞ্জামসমূহো বাৰে বাৰে নষ্ট হৈ গৈছে? সতৰ্ক হওক, এইসমূহ ঘটনা মুঠেও স্বাভাৱিক নহয়৷ এইসমূহ কাকতালীয় বুলি উৰুৱাই নিদিব৷ বাস্তু বিশেষজ্ঞসকলে কৈছে এইসমূহ ঘটনাই আপোনাৰ ঘৰৰ গুৰুতৰ বাস্তু সমস্যাৰ ইংগিত দিছে৷ সাবধান নহলে ইয়াৰ পৰাই ডাঙৰ ক্ষতি হব পাৰে৷ জানি থওক কি কি ঘটনাই সংসাৰলৈ অশুভ শক্তিৰ প্ৰৱেশৰ ইংগিত দিয়ে?
গছ শুকাই যোৱা
বাস্তুশাস্ত্ৰত গছ হৈছে জীৱন আৰু পজিটিভ এনাৰ্জিৰ প্ৰতীক৷ সঠিক কোনো কাৰণ অবিহনেই যদি গছ শুকাই যায় তেন্তে আপুনি উদ্বিগ্ন হোৱাৰ থল আছে৷ কাৰণ, ইয়াৰ অৰ্থ আপোনাৰ সংসাৰত নিগেটিভ এনাৰ্জিৰ প্ৰৱেশ ঘটিছে৷ সংসাৰত অশান্তি থাকিলে গছ শুকাই যায় বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ এই ঘটনা ঘটিলে উত্তৰ পূৰ্ব দিশত তুলসী গছ, মানি প্লাণ্ট বা এলোভেৰা গছ ৰোৱক৷ এই ঘটনা ঘটিলে উত্তৰ পূৰ্ব দিশত তুলসী গছ, মানি প্লেণ্ট বা এলোভেৰা গছ ৰোৱক৷ এই গছসমূহে নিগেটিভ এনাৰ্জি শুহি লয়৷ শুকান গছসমূহ লগে লগেই উঠাই দিব৷ গছত নিয়মিত পানী দিয়াও জৰুৰী৷
ইলেক্ট্ৰিক বাল্ব বেয়া হোৱা
বহু সময়ত দেখা যায়, বাৰে বাৰে ঘৰৰ টিউব বা বাল্ব বেয়া হোৱাটো বাস্তুশাস্ত্ৰই কৈছে এয়া আপোনাৰ সংসাৰত শক্তিৰ তাৰতম্য ঘটিছে৷ অৰ্থাৎ পজিটিভ এনাৰ্জিৰ পৰা নিগেটিভ এনাৰ্জি বাঢ়ি গৈছে৷ দক্ষিণ পশ্চিম দিশত থকা বৈদ্যুতিন সামগ্ৰীৰ অত্যধিক ব্যৱহাৰৰ ফলত এনে ঘটনা ঘটিব পাৰে৷ অৱশ্যে বেয়া ৱাৰিঙৰ কাৰণে এয়া হব পাৰে৷ ঘৰত কাজিয়া-অশান্তি আৰু নিগেটিভ চিন্তাভাৱনাৰ কাৰণেও এই ঘটনা ঘটে বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ ঘৰত ৱাৰিং চেক কৰি লওক৷ ইয়াৰ সৈতে ঘৰৰ দক্ষিণ দিশত গধুৰ সামগ্ৰী ৰাখক৷ সুগন্ধী মমবাতি আৰু সেউজীয়া পোহৰেৰে সন্ধিয়া ঘৰ উজলাই তোলক৷ উপকাৰ পাব৷
বৈদ্যুতিন সামগ্ৰী নষ্ট হোৱা
ফ্ৰিজ, টিভি, ৱাছিং মেছিনৰ দৰে বৈদ্যুতিন সামগ্ৰী বাৰে বাৰে নষ্ট হৈছে নেকি? ইয়াৰ কাৰণো হ’ব পাৰে বাস্তুদোষ৷ ঘৰৰ উত্তৰ পূৰ্ব দিশত গধুৰ বৈদ্যুতিন সামগ্ৰী থলে বাস্তুদোষৰ কাৰণে এই ঘটনা ঘটিব পাৰে৷ ৰান্ধনীশালত ছিংক আৰু গেছ ষ্টোভ কাষত থকাটোও বাস্তুমতে অশুভ৷ ঘৰৰ মূল দুৱাৰৰ সন্মুখত বৈদ্যুতিন সামগ্ৰী থলেও তাৰ প্ৰভাৱত এই ঘটনা ঘটিব পাৰে বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ ইয়াৰ পৰা মুক্তি পাবলৈ ঘৰৰ উত্তৰ পূৰ্ব দিশ সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখক৷ জুইৰ সৈতে সম্পৰ্কিত সামগ্ৰী ঘৰত ৰাখক৷ বৈদ্যুতিন সামগ্ৰীৰ কাষত এটা বাটিত অলপ নিমখ ভৰাই থৈ দিয়ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















