এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’, এটা পদপথৰ কুকুৰ আৰু এগৰাকী ৰে’ল চালকৰ বন্ধুত্ব। যি ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত দেখা গৈছে যে এটা ভটুৱা কুকুৰে এখন নিৰ্দিষ্ট ৰে’লৰ বাবে অপেক্ষা কৰি আছে, আৰু ৰেল খন অহাৰ লগে লগে ফুৰ্তিত কব নোৱাৰা হৈ পৰিছে। কিয়নো সেই নিৰ্দিষ্ট ৰেলখনৰ চালকজনৰ বাবে অপেক্ষা কৰি আছিল কুকুৰটো।
ভিডিঅ’টোৰ আৰম্ভণিতে এজন লোকে চলন্ত ৰে’লৰ ভিতৰত খাদ্যৰে ভৰা প্লেট এখন হাতত লৈ থকা দেখা গৈছে। ভিডিঅ’টো চলি যোৱাৰ লগে লগে প্লেটফৰ্মত ৰে’লৰ বাবে অপেক্ষা কৰি থকা এটা কুকুৰ দেখা গৈছে।
ৰেলখন ষ্টেচনত সোমোৱাৰ লগে লগে প্লেটফৰ্মত ৰেলখনৰ কাষে কাষে কুকুৰ এটা দৌৰিবলৈ আৰম্ভ কৰে। ৰেলখন ৰৈ যোৱাৰ লগে লগে কুকুৰটোও ধৈৰ্য্যৰে ৰৈ থাকে ৰেল চালকজন নামি আহি খাদ্য দিয়ালৈ।
১ মে’ত শ্বেয়াৰ কৰাৰ পিছৰে পৰা এই ভিডিঅ’টোৱে ২৭ লাখৰো অধিক ভিউ লাভ কৰিছে। বহুতে বিভিন্ন ধৰণৰ কমেণ্টো দিছে ভিডিঅটোত। এক নিমাত জীৱৰ প্ৰতি যি প্ৰেম সেয়াই প্ৰটক হৈছে ভিডিঅটোত।
এজন দৰ্শকে ভিডিঅটো চাই লিখিছে, “কি হৃদয়স্পৰ্শী কাহিনী! সৰু সৰু কামেও কেনেকৈ অপৰিসীম সুখ কঢ়িয়াই আনিব পাৰে, এই ভিডিঅ তাৰেই উদাহৰণ।”
ভিডিঅটো চাবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক
https://x.com/1hakankapucu/status/1785453242081591356
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ