অসম লাইভ ২৪ঃ জনপ্ৰিয় চীনা এপ্ Tiktok সম্বন্ধে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পূৰ্বেই সাৱধানবাণী দি কৈছিল আমেৰিকান কোম্পানীয়ে যদি Tiktok ক্ৰয় কৰি লয়, তেতিয়াহে আমেৰিকাত Tiktok ব্যৱহাৰ মঞ্জুৰ কৰিব৷ সেইমৰ্মেই মাইক্ৰ’ছফট্ কোম্পানীয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত Tiktok ক্ৰয় কৰাৰ ঘোষণা কৰিছে৷ তাৰপূৰ্বেই মাৰ্কিন ৰাষ্ট্ৰপতিয়ে Tiktokৰ সৈতে আৰ্থিক লেনদেনত নিষেধাজ্ঞা জাৰি কৰিলে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি ট্ৰাম্পে ক’লে, ‘দেশবাসীৰ নিৰাপত্তাৰ ৰক্ষাৰ বাবে Tiktok এপ্ আৰু এই এপৰ মালিক চীনৰ বাইট-ডান্স সংস্থাৰ সৈতে সকলোধৰণৰ আৰ্থিক লেনদেনৰ নিষেধাজ্ঞা জাৰি কৰা হ’ল৷ আৰু ৪৫ দিনৰ ভিতৰত মাৰ্কিন যুক্তৰাষ্ট্ৰত এই নিষেধাজ্ঞা বলৱৎ কৰা হ’ব৷ এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছত কোনো মাৰ্কিন সংস্থা বা ব্যক্তিয়ে চীনৰ সংস্থাৰ সৈতে আৰ্থিক লেনদেন কৰে, তেতিয়াহ’লে আইন ভংগৰ অপৰাধত মাৰ্কিন প্ৰশাসনে উচিত পদক্ষেপ গ্ৰহণ কৰিব৷’ উল্লেখযোগ্য যে বাইট-ডান্সৰ হেড কোৱাৰ্টাৰ আছে দক্ষিণ কেলিফৰ্ণিয়াত৷ ইয়াৰ পূৰ্বে গ্ৰাহকৰ তথ্য চুৰি কৰাৰ অভিযোগত ভাৰতে Tiktok ব্যৱহাৰ নিষিদ্ধ কৰিছিল৷ ইয়াৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে Tiktok সংস্থা৷ এইবাৰ আমেৰিকাৰ প্ৰায় ১৭৫ মিলিয়ন গ্ৰাহক হেৰুৱাইছে Tiktok-এ৷ Tiktok কোম্পানীৰ বিৰুদ্ধে অভিযোগ গ্ৰাহকৰ যে স্মাৰ্টফোনৰ ইণ্টাৰনেটৰ ব্যৱহাৰ, নেটৱৰ্কৰ উপস্থিতি, লোকেশ্যন ডাটা, চাৰ্ছ হিষ্ট্ৰীৰ ওপৰত নজৰ দিয়ে এই সংস্থাই৷ ইয়াৰ ফলত অতি সহজেই চৰকাৰী কৰ্মচাৰীৰ লোকেশ্যন, কৰ্ম-কাণ্ড সকলো জানিব পাৰে চীনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ