• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোগ প্ৰতিৰোধ ক্ষমতাত অসমৰ শাক-পাত

ৰোগ প্ৰতিৰোধ ক্ষমতাত অসমৰ শাক-পাত

6 years ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

7 minutes ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

1 hour ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

12 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

13 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

13 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

14 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

14 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

15 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

15 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

16 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

17 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ৰোগ প্ৰতিৰোধ ক্ষমতাত অসমৰ শাক-পাত

editor by editor
August 7, 2020
in খাদ্য, স্বাস্থ্য
0
ৰোগ প্ৰতিৰোধ ক্ষমতাত অসমৰ শাক-পাত
0
SHARES
476
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ শাক-পাতসমূহ যে মানৱ শৰীৰৰ কাৰণে মহৌষধ তাক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। Sir J D Hooker ৰে ১৮৭২ চনৰ পৰা ১৮৯৭ চনলৈকে ভাৰতবৰ্ষত ১৫,৯০০ বিধ উদ্ভিদৰ প্ৰজাতি চিনাক্ত কৰি সাতটা খণ্ডৰ ‘Flora of British India’ নামৰ এখন গ্ৰন্থ ৰচনা কৰি গৈছে। সুখৰ খবৰ যে এই গ্ৰন্থত উল্লেখ থকা ৮০% উদ্ভিদেই অসমত পোৱা যায় । ইয়াৰ ভিতৰত ৫০ শতাংশই হ’ল শাকজাতীয়।

 

উত্তৰ-পূৰ্বাঞ্চলখন জৈৱ বৈচিত্ৰত চহকী। ‘Sir J D Hooker’ ৰে কৰি যোৱা হিচাপতকৈয়ো হয়তো প্ৰকৃত সংখ্যা আৰু বেছি আছিল ! আধুনিকতা আৰু অজ্ঞতাৰ কবলত পৰি ইয়াৰে কিমান সংখ্যক বিলুপ্তি হ’ল, তাৰ হিচাপ কোনে ৰাখিছে! ইমানবোৰ উদ্ভিদৰ ভিতৰত বেছি সংখ্যকেই ঔষধি গুণসম্পন্ন! বছৰৰ ১২ মাহেই যদিও আমি শাক-পাত খাওঁ তথাপি ব’হাগত শাক খোৱা প্ৰথা এটা আমাৰ পূৰ্বজসকলে কৰি গৈছিল। কাৰণ বসন্ত ঋতুত প্ৰকৃতি সৰ্গভা হয় । গছে-বনে ন-কুঁহিপাত ওলায়, চাৰিওফালে ফুলৰ সুবাসে আমোল-মোলায়। প্ৰকৃতিয়ে এই ঋতুত সকলো গছ-বনক শক্তি প্ৰদান কৰে । জনবিশ্বাস মতে ব’হাগত সকলো গছ-বন ঔষধি গুণ সম্পন্ন হৈ উঠে। সেয়ে ব’হাগৰ সাত দিনৰ ভিতৰত সকলো গছ-বনৰে কুমলীয়া আগ মিহলাই খালে ঔষধ হিচাপে কাম কৰে আৰু গোটেই বছৰটোলৈ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা আহৰণ কৰে।

 

এই যে ইমান হাজাৰ প্ৰজাতিৰ শাক-পাত অসমত পাওঁ, সেই সকলোবোৰ কি আমি নিজে ৰুই লওঁ নেকি ? বিহুত খোৱা ১০১ বিধ শাক-পাত বা জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পানীয়বিলাকত দিয়া ১০১ টা আগৰ পিঠাত দিয়া শাকবিলাক নিজ হাতে ৰোৱা নেকি ? নিশ্চয়কৈ সেইটো সম্ভৱ নহয় । কাৰণ পৰিৱেশ আৰু মাটিৰ গুণাগুণ অনুসৰি এই উদ্ভিদবিলাক সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত গজি উঠে । সেয়ে পাহাৰীয়া মাটি, আলতীয়া মাটি, বালিচঁহীয়া মাটি অনুসৰি ঠাইভেদে গজি উঠা উদ্ভিদবিলাক ভিন্ন হয়। সেয়ে আমি পৰিকল্পিতৰূপে গঢ় দিয়া এখন উদ্যান বা বৃক্ষৰোপণে আমাৰ এই প্ৰয়োজনীয় গছ-পাতবোৰৰ সকলো যোগান ধৰাটো অসম্ভৱ । একমাত্ৰ প্ৰকৃতিগতভাৱে গঢ় লৈ উঠা তৃণভূমি, অটব্য অৰণ্য, বৰ্ষাৰণ্য, বন-জংঘল, হাবি-বননি, খাৱৈ-পিতনি-জলাশয়ৰ লগতে পাহাৰ-পৰ্বত আদিতহে এই সকলোবোৰ গছ-বন পোৱাটো সম্ভৱ । ।

 

আমি নিজে গঢ় দিয়া বগিছা এখনতকৈ সম-ব‍্যাসার্ধৰ প্ৰাকৃতিক জংঘল এখনত বহুত বেছি সংখ্যক বনৰীয়া অথচ মূল্যবান আৰু ঔষধি গুণসম্পন্ন গছ-বন পোৱা যায়। যিবোৰক আমি অজ্ঞতাবশতঃ অপতৃণ বুলি গুৰুত্ব নিদিওঁ । তাৰ উপৰিও আমাৰ পৰিকল্পিত বাগিচা বা উদ্যানৰ পৰাও এইসমূহক অপতৃণ বুলি উভালি পেলাই দিওঁ । কাৰণ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ মাটি প্ৰকৃতিগতভাৱেই ইমান সাৰুৱা যে একো নকৰাকৈয়েই বহু দৰকাৰী গছ-বন নিজে নিজেই গজি মাটিডোখৰ ছানি ধৰে । প্ৰকৃততে এই বন-জংঘলবোৰেই আমাৰ জৈৱ-বৈচিত্ৰ‍্যৰ ভঁৰাল ।

 

ইয়াৰ উপৰিও এই বন-জংঘলবোৰৰ ওপৰত নিৰ্ভৰ কৰি হাজাৰৰো অধিক জীৱ-জন্তু বৰ্তি থাকে । এজোপা গছ বা সৰুকৈ হ’লেও থকা জংঘল এখন যেতিয়া আমি প্ৰয়োজনে-অপ্ৰয়োজনে কাটি পেলাওঁ, তেতিয়া তাত গজি উঠা ঔষধি গছ-বনৰ লগতে বহু সংখ্যক জীৱ-জন্তুকো হত্যা কৰোঁ ।

 

কিছুমান জীৱ, নিৰ্দিষ্ট কিছুমান গছ-বন থাকিলেহে জীয়াই থাকে । অন্যথা, সেই নিৰ্দিষ্ট গছজোপা কাটি পেলালে সেই প্ৰাণীবিধৰো বিলুপ্তি ঘটে । আচলতে মানুহকে ধৰি পৃথিৱীৰ গোটেই প্ৰাণী জগতখনেই এটা ‘জীৱনচক্ৰ’ৰ ওপৰত চলি থাকে । কিন্তু আধুনিক মানুহে সেই চিৰসত্য কথাষাৰ পাহৰি গৈ নিজক লগাখিনি বাদ দি আন সকলোবোৰ অপ্ৰয়োজনীয় বুলি ভাবিবলৈ ধৰাৰ পৰাই প্ৰকৃতি ধ্বংস হ’বলৈ ধৰিলে ।

ঘৰত লগা ফলৰ গছ জোপা চৰাই-চিৰিকতিয়ে খোৱাৰ কাৰণে যদি নিজে খাবলৈ নাপাই, তেন্তে সেইজোপা কাটি পেলোৱা মানুহো বহুত আছে । আগতে ককা-আইতাহঁতে কৈছিল- ‘ৰুই থৈ যাওঁ, আমি নাখালেও নাই, চৰাই-চিৰিকতিয়ে খাব।’ গতিকে এতিয়া বুজিলে, নিৰ্দিষ্ট কিছুমান গছ, ফল নথকাৰ বাবে নিৰ্দিষ্ট কিছুমান চৰাই বা জীৱ অজানিতে বিলুপ্ত হৈ গৈ আছে ।

 

আচলতে পকৃতিয়ে জন্ম দিয়া কোনো এটা ক্ষুদ্ৰ কণাও অলাগতিয়াল নহয় । প্ৰকৃতিয়ে গঢ়ি দিয়া এই জীৱনচক্ৰ আমি আধুনিকতাৰ নামত ছিঙি পেলাবলৈ আমাৰ ক্ষুদ্ৰমানো অধিকাৰ নাই। আমি প্ৰকৃতিক ব্যৱহাৰ কৰাৰ দৰে আন জীৱৰো সমান অধিকাৰ আছে। আমিহে জীৱ শ্ৰেষ্ঠ বুলি আন জীৱৰ অধিকাৰখিনি কাঢ়ি লৈছোঁ। ভাবকচোন জীৱ শ্ৰেষ্ঠ হিচাপে সেইটো কৰা উচিত হৈছেনে ? শ্ৰেষ্ঠ মানেই ডাঙৰ । ডাঙৰ হিচাপে আমি আমাৰ অনুজ বা সন্তানসকলৰ খাদ্য আৰু বাসস্থান কাঢ়ি লোৱাৰ দৰে হোৱা নাইনে?

 

প্ৰাণীৰ জীৱন চক্ৰত ৰাতি আৰু দিনৰ যে গুৰুত্বপূৰ্ণ ভূমিকা আছে, তাক আধুনিক মানুহে ভাবি চাইছেনে ? প্ৰকৃতিৰ এই নিয়ম উলংঘা কৰি আমি ৰাতি কৃত্ৰিম পোহৰৰ লাইট জ্বলাই প্ৰকৃতিৰ জিৰণিত ব‍্যাঘাত জন্মাইছো, তাক কোনোবাই অনুভৱ ক’ৰেনে ? যাৰ ফলত বহুতো চৰাই-চিৰিকতিৰ প্ৰজনন ক্ষমতা লোপ পাইছে । বিকট শব্দ আৰু ৰাতিৰ কৃত্ৰিম পোহৰে জীৱ-জন্তুৰ লগতে গছ-গছনিৰো জৈৱিক গুণাগুণ বৃদ্ধিত ব্যাঘাত জন্মাইছে। একমাত্ৰ আমাৰ সুখ-বৈভৱ বঢ়াবৰ কাৰণে প্ৰকৃতি বিৰুদ্ধ কামবোৰ কৰা নাই জানো!

 

সেইয়ে মই ভাবো- সভ্যতালৈকে সকলো ঠিকেই আছিল, কিন্তু সভ্যতাৰ পৰা আধুনিকতালৈ আমি যি জাঁপ মাৰিব ধৰিলো তেতিয়াই যেন মানৱ সভ্যতাৰ অধোমুখী যাত্ৰা আৰম্ভ হ’ল । সভ্যতাৰ শিপাডাল ক’ৰবাতে এৰি আধুনিকতাৰ পোচাক পিন্ধি পুনৰ বৰ্বৰ যুগলৈ উভতি যোৱাৰ আখৰা কৰিলোঁ । পঞ্চপাণ্ডৱৰ দৰে স্বৰ্গলৈ যাত্ৰা কৰোতেই আমি আমাৰ কৰ্ম ফলেৰে নৰকলৈহে পিছলি পৰিব ধৰিলোঁ! আধুনিকতা লাগে, কিন্তু সেয়া প্ৰকৃতিৰ লগত সহাৱস্থান কৰিহে, প্ৰকৃতিক মষিমূৰ কৰি নহয়।

 

নভেল ক’ৰোনা ভাইৰাছে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ‘প্ৰকৃতিৰ পৰা আহৰণ কৰা শক্তিয়েহে আমাক প্ৰকৃতিগতভাৱে হোৱা বিসংগতিৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে।’

যিমান উন্নত নহওক কিয় পশ্চিমীয়া দেশৰ নিয়ম-নীতি আমি অনুকৰণ কৰাটো আমাৰ প্ৰকৃতি বিৰুদ্ধ । কিয়নো পূব প্ৰান্তৰ হোৱাৰ বাবে সূৰ্যৰ প্ৰথম কিৰণেও আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। সেই হিচাপে আমাৰ খাদ‍্যাভ্যাসো গঠন হৈছে । আমাৰ জলবায়ুৰ লগত খাপখোৱাকৈ ভাত, শাক-পাত, টেঙা-খাৰ, মিঠাতেল ইত্যাদি খোৱাটো পূৰ্বজসকলে ঠিক কৰি গৈছে আৰু ইয়াৰ সত্যতা পুনৰবাৰ প্ৰমাণিত হৈছে । আনকি ভাৰতৰ অন্য ৰাজ্যৰ লগতো আমাৰ খাদ‍্যাভ‍্যাস নিমিলে আৰু জোৰ কৰি মিলোৱাটোৱেই প্ৰকৃতি বিৰুদ্ধ কাম হৈছে । যিটো জলবায়ুত যি খাদ্য প্ৰকৃতিগতভাৱে হয়, তাক গ্ৰহণ কৰিলেহে যে আমাৰ শৰীৰ সুস্থ-সবল হয়। পূব প্ৰান্তৰ খাদ্য- চাউল আৰু শাক-পাত আদিত প্ৰচুৰ পৰিমাণে আমাৰ শৰীৰৰ প্ৰয়োজনীয় সকলোবোৰ উপাদান মজুত থাকে ফলত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। লগতে পুৱাৰ সূৰ্যৰ কিৰণ কিমান উপকাৰী, সেয়া আজিকালি সকলোৱেই জানে। ফোপোলা খাদ্যভ্যাসৰ কাৰণে পশ্চিমীয়া দেশৰ মানুহৰ প্ৰতিৰোধ ক্ষমতা যে কম, তাক আজি বৈজ্ঞানিকেও প্ৰমাণ কৰিছে। পশ্চিমৰ দেশ হোৱা বাবে সেইবোৰ দেশত সূৰ্য উদয় হয় আমাতকৈ বহু ঘণ্টাৰ পাছত । সেইদৰে ৰাতিও হয় বহুত দেৰিকৈ গতিকে তেওঁলোকক অনুকৰণ কৰি আমাৰ মানুহেও যদি দেৰিকৈ উঠে আৰু ৰাতি দেৰিলৈকে সাৰে থাকে, পশ্চিমীয়া ধঙৰ খাদ্য খায়, তেন্তে সেয়া সম্পূৰ্ণ প্ৰকৃতি বিৰুদ্ধ কাম ন’হল জানো? সূৰ্যৰ লগতে উঠি ৰাতিপুৱাই কচু-ঢেঁকীয়াৰে ভাত খাই কামত ধৰা আমাৰ জনগোষ্ঠীয় ভাই-ককাইহঁতলৈ চাওক এবাৰ! যিমানেই পশ্চিমৰ খাদ‍্যাভ্যাস, নিয়ম-নীতি অনুকৰণ কৰি আধুনিক হ’বলৈ গ’লো, সিমানেই আমাৰ দেহাবোৰ ৰুগীয়া হ’বলৈ ধৰিলে। ৰাতি দেৰিলৈকে সাৰে থকা আৰু পুৱা দেৰিকৈ উঠা, অনিয়মীয়া খাদ‍্যাভ্যাস ইত্যাদিয়ে কেন্সাৰৰ দৰে মহাব্যাধি হোৱাৰ এটা মূল কাৰণ বুলি বৈজ্ঞানিকসকলে প্ৰকাশ কৰিছে । যাৰ কাৰণে বহুজাতিক কোম্পানীবিলাকে তেওঁলোকৰ ঔষধ আৰু হাস্পতালৰ ব্যৱসায় বঢ়াই গৈ আছে আৰু জনসাধাৰণৰ কষ্টৰ ধনৰ এটা বৃহৎ অংশ ঔষধৰ নামত খৰচ হ’বলৈ ধৰিছে।

 

সেয়ে আমি আমাৰ অতিকৈ প্ৰয়োজনীয় ঠাইকণ ব্যৱহাৰ কৰি বাকী যিমান পাৰি প্ৰকৃতিক এৰি দিব লাগে। লাগিলে সেইয়া আমাৰ ঘৰৰ চৌহদতেই হওক। প্ৰকৃতিক উশাহ ল’বলৈ কিছু ঠাই এৰি দিলে তাৰ বিনিময়ত পকৃতিয়ে আমাক দিব বিশুদ্ধ বায়ু-পানী, শাক-পাত ইত্যাদি। আৰু সেইবোৰ আহৰণৰ ফলত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাযে যে বাঢ়িব সেয়া নিশ্চিত ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam vegetableaxom live 24malabika saikia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
Next Post
গালে-মুখে-চকুৱে ভোট জলকীয়া সানি ৫৫বছৰীয়া এগৰাকী ব্যক্তিৰ চমক

গালে-মুখে-চকুৱে ভোট জলকীয়া সানি ৫৫বছৰীয়া এগৰাকী ব্যক্তিৰ চমক

অমিত মোদীক মহিলাৰ প্ৰৱঞ্চনা

অমিত মোদীক মহিলাৰ প্ৰৱঞ্চনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.