অসম লাইভ ২৪ঃ টিকটক বুলি ক’লে বহুতৰে চাগৈ এতিয়াও দুচকুৰে সৰসৰাই চকুলো বাগৰি আহে।তথাপিতো ক’ব লগা হৈছে। এইবাৰ টিকটকৰ ক্ষেত্ৰত আমেৰিকাই সংগ দিছে ভাৰতক। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিয়োয়ে টিকটকৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে। হয়তো শীঘ্ৰে আমেৰিকায়ো টিকটকসহ চীনৰ বিভিন্ন ছ’চিয়েল মিডিয়া এপছ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিমধ্যে এই সন্দর্ভত চিন্তা-চর্চা আৰম্ভ কৰিছে ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু অখণ্ডতাৰ স্বার্থত ভাৰতৰ দৰে আমেৰিকায়ো ৫৯টা চীনা এপছ বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতি ইতিমধ্যে একাংশ ছিনেটৰে সমর্থন ব্যক্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ