তিতাবৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷ কাহিনী শুনিলে আপুনিও শিঁয়ৰি উঠিব৷ চাৰিদিনে সন্ধানহীন হৈ আছিল এগৰাকী যুৱতী৷ ক’ত হে’ৰাল বুলি পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল৷ কিন্তু আৰক্ষীয়ে কিছু সময় ধৈৰ্য্য ধৰিবলৈ পৰিয়ালৰ লোকক আহ্বান জনাই৷ পৰিয়ালক জীৱন্তে ছোৱালীজনী উভতাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ শেহতীয়াকৈ কন্যাগৰাকীৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ চাৰিদিনে সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে শৌচালয়ৰ টেংকীত৷
যুৱতীগৰাকীক হত্যা কৰি শৌচালয়ৰ টেংকীত দলিয়াই দিয়াৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত জগত সিঙে৷ ব্যৱসায় প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকীত উদ্ধাৰ হোৱা যুৱতীগৰাকী মহীয়া অন্তঃসত্ত্বা আছিল বুলিও জানিব পৰা গৈছে৷ নিশা মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰিছে জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা ঘটনাস্থলীয় উপস্থিত হৈছে যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল৷ আৰক্ষী বিষয়া লুনা দলেই সংবাদমাধ্যমৰ আগত কয়- অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে৷ অভিযুক্তই এই ঘটনা হত্যাকাণ্ড বুলি স্বীকাৰো কৰিছে৷ গতিকে সমগ্ৰ বিষয়টো আইনীপ্ৰক্ৰিয়াৰে আগবাঢ়িব৷
মৃত যুৱতীগৰাকীৰ হত্যাকাণ্ডত জড়িত লম্পদ জগৎ সিং আছিল মৃত যুৱতীগৰাকীৰ পাতি লোৱা বৰদেউতাক৷ জগত সিঙেই যুৱতীগৰাকীক অন্তঃসত্ত্বা কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ ইফালে এই ঘটনাৰ সৈতে জড়িত আন তিনিগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ হত্যাকাৰী জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত এজন ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ যুৱতীগৰাকীক গৰ্ভপাতৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰাত জগতক সহায় কৰিছিল ফাৰ্মাচিষ্টগৰাকীয়ে৷
৬৩ বছৰীয়া লম্পট জগত সিঙে নিজেই আৰক্ষীৰ সন্মুখত হত্যা সন্দৰ্ভত দিছে নিৰ্লজ স্বীকাৰোক্তি৷ ৭ নৱেম্বৰতেই এই ঘটনা সংঘটিত হৈছে৷ ৭ নৱেম্বৰৰ পুৱা কলেজলৈ বুলি ওলাই গৈছিল য়ুৱতীগৰাকী৷ তাৰপিছতেই নিৰুদ্দেশ হৈ পৰে যুৱতীগৰাকী৷ ঘটনাৰ পাছতেই স্থানীয় লোকে সন্দেহৰ আঙুলি উঠাই জগত সিঙৰ বিৰুদ্ধে৷ কিন্তু আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় জনতাই৷ আৰু শেষত ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানি আৰক্ষীয়ে লম্পট জগত সিঙক প্ৰথমে আটক কৰি সোধপোছ কৰে৷ তাৰপিছতেই গ্ৰেপ্তাৰো কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















