অসমীয়া সমাজত শাওন মাহক অতি পৱিত্ৰ বুলি হয়। বিশেষকৈ শাওনৰ সোমবাৰ ভগৱান শিৱৰ উপাসনাৰ বাবে বিশেষ তাৎপৰ্য বহন কৰে। আজি শাওনৰ প্ৰথমটো সোমবাৰ। এই দিনটোত ৰাজ্যজুৰি শিৱ মন্দিৰসমূহত ভক্তসকলৰ সমাগম দেখা যায়। পুৱাৰে পৰাই ভক্তসকলে উপবাস পালন কৰি গাখীৰ, পানী, বেলপাত, ধতুৰা, আখৈ আৰু বিভিন্ন পূজাৰ সামগ্ৰী আগবঢ়াই ভগৱান শিৱৰ পূজা কৰিছে।
ইয়াৰ লগতে দ্বিতীয় সোমবাৰটো ২৭ জুলাই (১১ শাওন)ত, তৃতীয় সোমবাৰ ৩ আগষ্ট (১৮ শাওন)ত আৰু চতুৰ্থ সোমবাৰ ১০ আগষ্ট (২৫ শাওন)ত পালন কৰা হ’ব।
শাস্ত্ৰ অনুসৰি, শাওন মাহত কৰা শিৱ উপাসনাই জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। শিৱক সন্তুষ্ট কৰিবলৈ ভক্তই এই মাহত প্ৰতিটো সোমবাৰে ব্ৰত পালন কৰা উচিত। ইয়াৰ লগতে’ওঁ নমঃ শিৱায়’ মন্ত্ৰ জপ কৰি আত্মিক শান্তি লাভৰ চেষ্টা কৰা উচিত। শাওনৰ সোমবাৰে ভগৱান শিৱক তেওঁৰ প্ৰিয় বস্তু আগবঢ়ালে ভক্তৰ ওপৰত তেওঁৰ আশীৰ্বাদৰ বৰষুণ হয়। শাওনৰ সোমবাৰে শিৱলিঙত ক’লা তিল, ঘেঁহু, সুগন্ধি, ধতুৰা, বেলপাত, চন্দন, মৌ, কুঁহিয়াৰৰ ৰস আৰু গাখীৰ আদি অৰ্পণ কৰিব লাগে। ইয়াৰোপৰি কল, আপেল, মধুৰীআম, বেল আদি ফল শাওনৰ সোমবাৰে ভগৱান শিৱক আগবঢ়াব পাৰিব। ইয়াৰ উপৰিও ধতুৰা আৰু প্লামো ভগৱান শিৱৰ প্ৰিয় বুলি গণ্য কৰা হয়, এইবোৰ আপুনি ভোলানাথক আগবঢ়াব পাৰে।
আজি অসমৰ বিভিন্ন শিৱ মন্দিৰ আজি নাম-প্ৰসংগ, ভজন-কীৰ্তন আৰু ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হয়। এই পৱিত্ৰ দিনটোৱে কেৱল ধৰ্মীয় বিশ্বাসকে শক্তিশালী নকৰে, বৰং মানুহৰ মাজত ঐক্য, সহমৰ্মিতা আৰু আধ্যাত্মিক চেতনাও জাগ্ৰত কৰে।
(অস্বীকাৰ: ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Asom Live 24 এ নিশ্চিত নকৰে।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















