অসম লাইভ ২৪ঃ আজি টকিঅ’ত বক্সিঙত পদক নিশ্চিত কৰে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। ৬৯ কেজি ৱেল্টাৰ ৱেট শাখাত চীনৰ বক্সাৰ নেইন চিন চেনৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হয় লাভলীনা। পৰৱৰ্তী মেচত লাভলীনা মুখামুখি হ’ব বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ খেলুৱৈ তুৰস্কৰ বুচেনাজ চুৰমেনেলীৰ। ৪ আগষ্টত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। আনহাতে, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী টীমৰ। আয়াৰলেণ্ডক ১-০ গ’লত পৰাস্ত কৰে ভাৰতৰ মহিলা হকী টীমে। ইয়াৰ উপৰি টকিঅ’ৰ ৰণক্ষেত্ৰত পৰাক্ৰমেৰে দেশক বিশ্বৰ দৰবাৰত জিলিকাই তুলিছে ভাৰতীয় খেলুৱৈ মীৰাবাঈ, পিভি সিন্ধু আদিয়ে। ক্ৰমাগতভাৱে পদকৰ দিশে আগবাঢ়িছে কেইবাগৰাকীও ভাৰতীয় এথলীট। দেশৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে ভাৰোত্তোলক মীৰাবাঈ চানুৱে। ৪৯ কেজি শাখাত ভাৰোত্তোলনত ৰূপৰ পদক জয় কৰে মীৰাবাঈয়ে। তদুপৰি, বেডমিণ্টন কৰ্টতো পি ভি সিন্ধু আক্ৰমণাত্মক ৰূপে ধৰাশায়ী কৰে প্ৰতিপক্ষক। ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে। জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে ২১-১৩, ২২-২০ ব্যৱধানত জয়ী হ’য় সিন্ধু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ