অসম লাইভ ২৪ঃ অলিম্পিকত ইতিহাস সৃষ্টিৰে ছেমি ফাইনেলত উপনীত ভাৰতীয় মহিলা হকী দল। তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী টীম। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-০ গ’লত জয়ী হয় ভাৰতীয় দলটো। ভাৰতৰ হৈ নিৰ্ণায়ক গ’ল কৰে গুৰজিৎ কৌৰে। সুদীৰ্ঘ ৪৯ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত উপনীত হয় ভাৰত। ভাৰতৰ পুৰুষ হকী টীমেও কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমী ফাইনেলত উপনীত হয়। ৩-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে ভাৰতে। ইফালে আজি ইতিহাস সৃষ্টিৰ লক্ষ্যৰে এথলেটিকচৰ ৰিঙত নামিব কমলপ্ৰীত কৌৰ। বিয়লি ৪.৩০ বজাত ডিচকাচ থ্ৰ’ৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় এথলীটগৰাকী। বৰ্তমানলৈকে এথলেটিকচত অলিম্পিকৰ পদক শূন্য ভাৰতৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ