আন্তৰ্জাতিক স্পেছ ষ্টেচন ক্ৰু-৯মিছনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নাছা আৰু স্পেছ এক্সে৷ বৃহস্পতিবাৰে ২৬ ছেপ্টেম্বৰ মহাকাশত উপস্থিত হ’ব এই মিছনৰ ৰকেট৷ সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰক উভতাই আহিবলৈ এই মহাকাশযান পঠিওৱা হৈছে৷ এইক্ষেত্ৰত দেখা দিছে নতুন বিপদে৷ ২০২৫ চনত ফেব্ৰুৱাৰী মাহত উভতাই অনা হ’ব সুনীতাহঁতক৷ তাৰেই প্ৰস্তুতি আৰম্ভ কৰিছে নাছাই৷
এই নতুন ক্ৰুৰ-৯ মিছনৰ মহাকাশযানখনে সুনীতা আৰু সংগীক পৃথিৱীলৈ উভতাই আনিব বুলি আশা কৰা হৈছে৷ মহাকাশযানখনত দুখন আসন ৰখা হৈছে সুনীতা আৰু বুচৰ বাবে৷ জনা গৈছে যে ক্ৰান্তীয় এক ঘূৰ্ণীবতাহৰ কাৰণে বিপদৰ সন্মুখীন হৈছে এই মিছন৷ ট্ৰেপিকেল চাইক্লোন নাইন নামৰ ঘূৰ্ণীবতাহেই আনিছে বিপদ৷ যি ক্ৰমশ গাল্ফ অৱ মেক্সিকো আৰু ফ্লোৰিডাৰ পশ্চিম উপকূলৰ ফালে অগ্ৰসৰ হৈছে৷ ফ্লৰিডাত নাছাৰ কেনেডি স্পেছ চেণ্টাৰত সম্প্ৰতি এই মিছনৰ বাবে ৰকেটৰ পৰীক্ষা কৰি থকা হৈছে৷
এই মিছনৰ বিশেষজ্ঞ হিচাপে আছে ৰছকমছ কছমোনেট আলেকজেণ্ডাৰ গৱৰ্ণৰ৷ ফেলকন ৯ ৰকেটেৰে ৰাওনা হ’ব স্পেছ এক্সৰ ড্ৰেগন মহাকাশযান৷ মঙলবাৰে কেপ কেনেভেৰাল স্পেছ ফৰ্ছ ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই ফেলকন-৯ ৰকেটটিক লৈ যোৱা হ’ব স্পেছ লঞ্চ কমপ্লেক্স-৪০লৈ৷ তাতেই চূড়ান্ত উৰাণ আৰম্ভ হ’ব৷
উৎক্ষেপণৰ পাছত মহাকাশ আন্তৰ্জাতিক স্পেছ ষ্টেচনত কমেও পাঁচ মাহ থাকিব উদ্ধাৰকাৰী এই মহাকাশযানখন৷ এই সময়ৰ মাজত একাধিক পৰীক্ষা কৰিব নভোশ্চৰসকলে৷ স্পেছ ষ্টেচনৰ স্পেছৱাকৰ বাবে ৰক্ষণাবেক্ষণৰ কামো হ’ব৷ এই গুৰুত্বপূৰ্ণ মিছনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নাছা আৰু স্পেছ এক্সৰ৷ ২৬ ছেপ্টেম্বৰত সুনীতাক উদ্ধাৰৰ বাবে যানখন যাব পাৰিবনে সেয়া অৱশ্যে নিৰ্ভৰ কৰিব সৌৰ ধুমুহাৰ ওপৰতহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ